বিশ্বজিৎ দৈমাৰীক ঘৰৰ AC খুলিবলৈ তথা অশোক সিংহক পদত্যাগ কৰিবলৈ দাবী সাংসদ খালেকৰ - অভয়াপুৰীত বালাৰচৰত কংগ্ৰেছত যোগদান কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 11, 2023, 11:08 PM IST

বঙাইগাঁও,১১ জুন: উত্তৰ অভয়াপুৰী সমষ্টিৰ বালাৰচৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত শতাধিক অগপ, বিজেপি আৰু AIUDF ৰ পৰা শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে । বালাৰচৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি আবুল কাছেমৰ সভাপতিত্বত অনুষ্ঠিত সভাত কোকিলা, নাম্বাৰপাৰা, গোলাপাৰা, বাংলাপাৰা, গোলাপাৰা, কীৰ্ত্তনপাৰা, কাছাৰপেটীৰ পৰা কংগ্ৰেছৰ নীতি আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ দলত যোগ দান কৰে বুলি সাংসদ আব্দুল খালেকে উল্লেখ কৰে ।  

উক্ত অনুষ্ঠানৰ পাছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ আব্দুল খালেকে জোনমনি ৰাভাৰ হত্যাৰ দণ্ডাধীশৰ দ্বাৰা তদন্তৰ দাবী জনায় । লগতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ফেনৰ পৰিৱৰ্তে গছৰ তলত থকাৰ মন্তব্যক কটাক্ষ কৰি ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে ঘৰৰ পৰা AC খুলি থোৱাৰ আহ্বান জনায় । ইয়াৰোপৰি মন্ত্ৰী অশোক সিংঘালৰ পদত্যাগৰ দাবী জনায় সাংসদগৰাকীয়ে । সভাত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে দলীয়কৰ্মীক নিষ্ঠাৰে কাম কৰাৰ আহ্বান জনায় । 

লগতে পঢ়ক: Junmoni Rabha Death Update: চিবিআইৰ মুখ্য কাৰ্যালয়লৈ যাব DGP জি পি সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.