Congress protest against BJP: ৰঙিয়াত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:42 AM IST

thumbnail

ৰঙিয়া, 9 অক্টোবৰ : ৰঙিয়াত দেওবাৰে কংগ্ৰেছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে  । বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল কংগ্ৰেছ কৰ্মীৰ । ৰাহুল গান্ধীৰ ছবি বিকৃত কৰাক লৈ সমগ্ৰ ভাৰতবৰ্ষতে আন্দোলনে গা কৰি উঠিছে ।

বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ ফটোক বিকৃতকৰণ কৰি ৰাৱণৰ ৰূপ দিয়াত জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰতিবাদী কংগ্ৰেছ কৰ্মীয়ে মন্তব্য কৰে যে বিজেপি চৰকাৰেহে ৰাৱণৰ দৰে কাম কৰি আছে দেশত, কিন্তু এতিয়া বিজেপিয়ে ভগৱান ৰামৰ দৰে কাম কৰি থকা ৰাহুল গান্ধীৰ ফটোকহে বিকৃত কৰি ৰাৱণৰ ৰূপ দি নিকৃষ্ট ৰাজনীতি কৰিছে ৷ বিজেপিৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে কংগ্ৰেছে ।

ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই গ্ৰাম্য ব্লক কংগ্ৰেছ আৰু নগৰ ব্লক কংগ্ৰেছৰ কৰ্মীসকলে । বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে ৰঙিয়াৰ ৰাজপথ কঁপাই তোলে কংগ্ৰেছ কৰ্মীসকলে । এই প্ৰতিবাদী সমদলত কামৰূপ জিলা কংগ্ৰেছৰ উপ সভাপতি মুৰতাজ ৰহমান, বিবুলৰ ৰহমান, ৰঙিয়া গ্ৰাম্য ব্লকৰ সভাপতি উদ্ধৱ দাস, টাউন ব্লকৰ সভাপতি উজ্জল লহকৰকে ধৰি প্ৰায় শতাধিক নেতা কৰ্মী উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক : Congress protest against BJP: ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়া বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.