Concluded convention of AACEA: সামৰণি পৰিল সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ মধ্যকালীন অভিৱৰ্তন - খোৱাং মহাবিদ্যালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18372312-thumbnail-16x9-moran.jpg)
ডিব্ৰুগড়, 28 এপ্ৰিল : সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ 63 তম বাৰ্ষিক মধ্যকালীন অভিৱৰ্তন দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা খোৱাং মহাবিদ্যালয়ত আয়োজন কাৰ হয় (Convention of All Assam College Employees Association)। প্ৰথম দিনা পুৱা প্ৰতিনিধিৰ নাম পঞ্জীয়ন কাৰ্যসূচীৰে আৰম্ভ হোৱা অভিৱৰ্তনখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয় ।
দ্বিতীয় দিনা অৰ্থাৎ বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয় । দুপৰীয়া ভাগত প্ৰতিনিধি সভা উদ্বোধন কৰে খোৱাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ত্ৰৈলোক্য দিহিঙীয়াই । ইয়াৰ পিচতে বৃহস্পতিবাৰে বিয়লিভাগত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ।
সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সভাপতি ৰমনী ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত কলেজ কৰ্মচাৰী সন্থাৰ বিষয়-ববীয়াৰ লগতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে । এই মুকলি সভাতে দুটা বিশেষ সমস্যা সন্দৰ্ভত মন্ত্ৰীজনক দুখন স্মাৰক পত্ৰ প্ৰদান কৰে কলেজ কৰ্মচাৰী সন্থাই ।
উল্লেখযোগ্য যে, এই অভিৱৰ্তনখনত পুৰণি পেঞ্চন নীতি বাহাল ৰখাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কলেজ কৰ্মচাৰী সন্থাই (Concluded convention of AACEA) ।
লগতে পঢ়ক : Foreign tourists in Majuli: মাজুলীত বিদেশৰ অমৃতা আৰু ফেব্ৰিয়ে নিৰ্মাণ কৰিলে গণেশৰ মুখা