Cultural Festival 2023 : সামৰণি পৰিল শংকৰদেৱ শিশু নিকেতন বনগাঁৱৰ সাংস্কৃতিক মহোৎসৱ - বনগাঁৱৰ সংস্কৃতিক মহোৎসৱ ২০২৩
🎬 Watch Now: Feature Video


Published : Oct 16, 2023, 2:22 PM IST
মাজুলী, 16 অক্টোবৰ : বিগত শনিবাৰৰ পৰা দুদিনীয় কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শংকৰদেৱ শিশু নিকেতন বনগাঁৱৰ সাংস্কৃতিক মহোৎসৱ ২০২৩ ৷ দেওবাৰ এই বনগাঁৱৰ সংস্কৃতিক মহোৎসৱ ২০২৩ ৰ সফল সামৰণি পৰে । এই সাংস্কৃতিক মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰথম দিনা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় । তাৰ পাচত দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ।
বনগাঁওস্থিত এই বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰেও বিভিন্ন সময়ত আন আন আনুসংগিক বিষয়ৰ লগতো চিনাকি কৰাই আহিছে । বিদ্যালয়খনৰ এই প্ৰচেষ্টাক অভিভাৱকসকলৰ লগতে স্থানীয় লোক সকলেও প্ৰশংসা কৰিছে । ইফালে দেওবাৰে নিশা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হোৱা এই ৰাসলীলা চাবৰ বাবে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : Jayanta Hazarika death anniversary : মৰিগাঁও দিৱসত ৰাণাদাৰ সোঁৱৰণিত সংগীতানুষ্ঠান