thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 11:47 AM IST

ETV Bharat / Videos

উৰুকাৰ পুৱাই মাজুলীৰ শ্ৰীৰাম গাঁৱত সমূহীয়া মাছ ধৰা কাৰ্যসূচী

মাজুলী, 14 জানুৱাৰী : আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু বা মাঘ বিহুৰ উৰুকা । ভোগালীৰ আনন্দত মতলীয়া ৰাজ্যবাসী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো ভোগালীক লৈ ব্যাপক উৎসাহ । ডেকাসকল যদি ভেলাঘৰ , মেজি বনোৱাত ব্যস্ত ঠিক সেইদৰে মহিলা সকল পিঠা-পনা বনোৱাত ব্যস্ত । এক কথাত ক’বলৈ গ’লে ডেকা বুঢ়া সকলোৰে গাত তৎ নাই ৷ ৰাজ্যৰ বজাৰসমূহত ভিন্ন মাছেৰে উভৈনদী হৈ পৰিছে ৷

ইয়াৰ মাজতে উৰুকাৰ দিনা পুৱাই সত্ৰ নগৰী মাজুলীৰ শ্ৰীৰাম গাঁৱত সমূহীয়া মাছ ধৰা পৰিলক্ষিত হৈছে । গাঁৱৰ সকলোৱে লগ হৈ একেলগে হাঁহি ধেমালি কৰি জাকৈ, চালনী, পল’ লৈ মাছ মাৰিবলৈ গৈছে । প্ৰায় ডেৰশতকৈ অধিক লোকে মাছ ধৰে শ্ৰীৰাম বিলত । শল, শাল, মাগুৰ, কাৱৈ, গৰৈ আদি বিভিন্ন ধৰণৰ মাছ পায় এই সমূহীয়া মৎস্য চিকাৰত ।

লগতে পঢ়ক: মাছ-মানুহৰ প্ৰেমৰ কাহিনীৰে জনপ্ৰিয় হৈ উঠিছে আগিয়াৰ বকডো গাঁও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.