DFO আখতাৰ হুছেইনৰ ঘৰত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান - হাতীগাঁৱত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-12-2023/640-480-20298490-thumbnail-16x9-dfo.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 18, 2023, 7:07 PM IST
গুৱাহাটী, ১৮ ডিচেম্বৰ: গুৱাহাটীৰ হাতীগাঁৱত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান । ডি এফ অ’ আখতাৰ হুছেইনৰ হাতীগাঁৱৰ শেৱালি পথস্থিত ৮ নং ঘৰত সোমবাৰে দুপৰীয়া অভিযান চলাই মুখ্যমন্ত্ৰী ভিজিলেঞ্চে । শিলচৰৰ ভূমি সংৰক্ষণ বিভাগৰ DFO আখতাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰে পৰ্বতসম সম্পত্তি গঢ়াৰ অভিযোগ উত্থাপন হৈছিল । আখতাৰ হুছেইনৰ বিৰুদ্ধে আয় বহিঃৰ্ভূত সম্পত্তিৰ অভিযোগত চি এম ভিজিলেঞ্চত ৬/২৩ নম্বৰত ৰুজু কৰা হৈছিল গোচৰ ।
DFOজনৰ শেৱালি পথৰ বাসগৃহৰ লগতে হাতীগাঁৱৰ সিজুবাৰীৰৰ ক্লাচিক এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা ফ্লেটতো অভিযান চলায় মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ দলে ৷ লক্ষণীয় যে, ডি এফ অ’ আখতাৰ হুছেইনৰ সম্পত্তি দেখি হতবাক হৈছে চি এম ভিজিলেঞ্চৰ দলো । হুছেইনৰ অকল গুৱাহাটীতেই নহয় গোৱালপাৰাতো আছে বিশাল অট্টালিকা। হুছেইনে ঘৰত কোটি কোটি টকা জমা ৰখাৰ তথ্য লাভ কৰিছে ভিজিলেঞ্চৰ দলটোৱে ।
লগতে পঢ়ক: ন মাহ পিচত শিশুৰ দেহৰ পৰা বাহিৰ হ'ল গুলী