Dhekiakhowa Barnamghar: ঢেকীয়াখোৱা বৰনামঘৰত উখল-মাখল পৰিৱেশ - ঢেকীয়াখোৱা বৰনামঘৰত উখল মাখল পৰিৱেশ
🎬 Watch Now: Feature Video
টীয়ক,১৬ আগষ্ট: দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাট উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বুধবাৰে উক্ত ভ্ৰমণসূচীত কেবাটাও কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । আগবেলা অসম কৃষি বিশ্ববিদ্যালয় উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত নিৰ্মিত প্ৰথমখন যোৰহাট নগৰ আৰু ন আলি সংযোগী উৰণীয়া সেতু উদ্বোধন কৰে ।
ইয়াৰ পাছতে বিয়লি ভাগত পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ মূল তোৰণ, অতিথি ভৱন আৰু মইনাপৰীয়া নামঘৰত নেদেখাজনৰ চৰণত সেৱা লৈ নিশা যোৰহাটত কটাব ।
উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে পূৰ্বে ঢেকীয়াখোৱা বৰনামঘৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা মূল তোৰণখন ভাঙি নতুনকৈ অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু উক্ত নৱনিৰ্মিত তোৰণখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাক লৈ এতিয়া অধিক উৎসাহিত হৈ পৰিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে সমূহ টীয়কবাসী ।
মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ তোৰণ আৰু অতিথি গৃহ উদ্বোধন কৰাক লৈ এতিয়া জিলা প্ৰসাশন তথা নামঘৰ পৰিচালনা সমিতি অধিক ব্যস্ত হৈ পৰিছে । লগতে কোনো যাতে অসুবিধা নোহোৱাকৈ সমগ্ৰ অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় তাৰ বাবে সকলোফালে পৰা প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ।
লগতে পঢ়ক: Students protest : শিক্ষকক বিচাৰি শ্ৰেণী কোঠা এৰিলে কণ কণ শিক্ষাৰ্থীয়ে