Maligaon flyover: বুধবাৰে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব মালিগাঁও উৰণ সেতু - CM Himanta Biswa Sarma
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-08-2023/640-480-19384789-thumbnail-16x9-maligaon.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 29, 2023, 5:11 PM IST
গুৱাহাটী, 29 আগষ্ট: নিৰ্মাণ সম্পূৰ্ণ উঠিছে মালিগাঁও উৰণ সেতুৰ । দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত মুকলি হোৱাৰ পথত উৰণ সেতুখন ৷ কাইলৈ অৰ্থাৎ 30 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুখন মুকলি কৰিব ৷ সন্ধিয়া 5 বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণ সেতুখন মুকলি কৰিব ৷
উল্লেখ্য যে 2021 চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত মুকলি হ’বলগীয়া উৰণ সেতুখন নিৰ্মাণৰ বাবদ 420 কোটি টকা ব্যয় কৰা হৈছে ৷ উৰণ সেতুখনৰ দৈৰ্ঘ্য 2.6 কিলোমিটাৰ ৷ উৰণ সেতুখন গুৱাহাটীৰ ভিতৰতে অন্যতম দীঘলীয়া সেতু ৷ এই সেতুখনৰ এটা অংশ কামাখ্যা গেটৰ পৰা মালিগাঁৱৰ বৰিপাৰাৰ ৰে’লৱেৰ উৰণ সেতুৰ লগ লাগিছে । মালিগাঁৱৰ পৰা উৰণ সেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে । মনকৰিবলীয়া যে উৰণ সেতুখন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ।