Majuli ferry Services: অনিৰ্দিষ্টত কাললৈ বন্ধ মাজুলী-নিমাটি ফেৰী সেৱা - Majuli Flood News

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 8, 2023, 10:08 AM IST

Updated : Aug 8, 2023, 11:25 AM IST

মাজুলী, 8 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নৈৰ জলস্তৰ ৷ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ফলত নদী দ্বীপ মাজুলীৰ বহিঃজিলাৰ সৈতে যোগাযোগ ব্যাহত হৈছে ৷ বিশেষকৈ ব্যাহত হৈছে যোৰহাট-মাজুলীৰ যোগাযোগ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কমলাবাৰী-নিমাতীত ফেৰী ৰাখোৱা ৰেম্পসমূহত ফেৰী ৰখাবলৈ অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়ে মঙলবাৰে অৰ্থাৎ আজিৰ দিনটো কমলাবাৰী আৰু নিমাতীৰ মাজত কোনো ধৰণৰ যাত্ৰীবাহী ফেৰী চলাচল নহয় ।  

যদি ব্ৰহ্মপুত্ৰ জলস্তৰ হ্ৰাস পালেহে কাইলৈ পৰা পুনৰ ফেৰী চলাচল হ’ব বুলি জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে । ইফালে পুৱাৰ ভাগতে ফেৰীৰে পাৰ হ’বলৈ অহা যাত্ৰীসকল ঘৰলৈ উভতি যাবলগীয়া হয় ৷ মাজুলী-নিমাটিৰ মাজত চলাচল কৰা ফেৰী সেৱা বন্ধ কৰি দিয়াৰ লগে লগেই গৃহ বন্দী হৈ পৰে মাজুলীৰ জনতা । ইফালে অফলামুখ ঘাটৰ ফেৰী সেৱা মুকলি হৈ আছে যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্তত বন্ধ হ’ব পাৰে ৷

লগতে পঢ়ক: Passenger ferry stuck in Brahmaputra: ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ নিমাতী-মাজুলী যাত্ৰীবাহী ফেৰী

Last Updated : Aug 8, 2023, 11:25 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.