thumbnail

By

Published : Sep 13, 2022, 4:07 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

দুলীয়াজান মহাবিদ্যালয়ৰ চকীদাৰ লম্বোধৰ গগৈৰ ৰহস্যজনক মৃত্যু

দুলীয়াজান মহাবিদ্যালয়ৰ চকীদাৰ লম্বোধৰ গগৈ ৰহস্যজনক মৃত্যুক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Body rescued at Duliajan)৷ মঙলবাৰে দুলীয়াজানৰ গুটিবাৰী চাহ বাগিচাত স্থানীয় লোকৰ সহযোগত চকীদাৰজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Chowkidar of Duliajan College died)৷ জানিব পৰা মতে সোমবাৰে বিয়লি ঘৰৰ বজাৰ কৰিবলৈ ওলাই গৈছিল গগৈ (Chowkidar missing case at Duliajan)৷ কিন্তু বহুসময় ধৰি উভতি নহাত ঘৰৰ লোকে তেওঁৰ বিচাৰ খোচাৰ আৰম্ভ কৰে যদিও কোনো সন্ধান লাভ কৰা নাছিল ৷ অৱশেষত মঙলবাৰে স্থানীয় ৰাইজে গুটিবাৰী চাহ বাগিচাৰ সমীপৰ পথৰ দাঁতিৰ এটা নলাত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ উপস্থিতিত মৃতদেহটো লম্বোধৰ গগৈৰ নিশ্চিত হয় (Police rescued body)। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ইফালে তেওঁৰ মৃত্যুত দুলীয়াজান মহাবিদ্যালয়ত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.