Adarsha Vidyalaya in Baihata: শিক্ষা খণ্ডত সংযোজিত হ'ল অন্য এখন আদৰ্শ বিদ্যালয় - চন্দ্ৰমোহন পাটোৱাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 20, 2023, 9:02 PM IST

বাইহাটা চাৰিআলি, 20 জুন : বাইহাটা চাৰিআলি অঞ্চলটোৰ ৰাইজৰ বাবে সুখবৰ । বাইহাটা চাৰিআলি অঞ্চলৰ শিক্ষা খণ্ডত সংযোজিত হ'ল অন্য এখন চৰকাৰী বিদ্যালয় । কমলপুৰত স্থাপিত হ'ল এখন আদৰ্শ বিদ্যালয় । আদৰ্শ বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত বিদ্যালয়খনৰ মুখ্য দ্বাৰ মুকলি কৰাৰ লগতে গছ পুলি ৰোপণ, বিদ্যালয়ৰ চৌহদত থকা পুখুৰীত ৰাজ হাঁহ এৰি দিয়া আদি কাৰ্যসূচী ৰূপায়ণ কৰে ।

আদৰ্শ বিদ্যালয়খনৰ শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুটো আদৰ্শমূলক মন্তব্য আগবঢ়ায় । সভাত আদৰ্শ বিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে তেওঁ । আদৰ্শ বিদ্যালয়খনৰ উদ্বোধনী সভাৰ আদৰণি ভাষণত মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী পৰিকল্পনাৰ বাস্তৱ ৰূপায়ণ হোৱা বুলি উল্লেখ কৰে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপুৰ্ব ঠাকুৰীয়াই ।

আনফালে ৰঙিয়াৰ মহকুমাধিপতিগৰাকীয়ে চৰকাৰী বিদ্যালয়টো যে চি বি এছ চি পাঠ্যক্ৰমত পঢ়িব পাৰি সেই দূৰদৰ্শী চিন্তাৰ ভাৱক ড৹ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰে । আদৰ্শ বিদ্যালয়খনৰ উদ্বোধনীৰ দিনাই চাৰিগৰাকী শিক্ষকৰ লগতে চাৰিগৰাকী কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰা হয় ।

লগতে পঢ়ক : Three Adarsha Vidyalaya in Dibrugarh:ডিব্ৰুগড়ত তিনিখনকৈ আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.