Career Counselling Program in Bihpuria: দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ কেৰিয়াৰ কাউঞ্চিলিং প্ৰগেম - Deori Autonomous Council

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 26, 2023, 5:30 PM IST

বিহপুৰীয়া, ২৬মে': সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল, একাদশ শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল কেৰিয়াৰ গঢ়া তথা শিক্ষাৰ পথ বাচঁনি কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় । এইসকল ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গঢ়া তথা শিক্ষাৰ পথ বাচঁনি কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দেউৰী স্বায়ত্ত্বশাসিত পৰিষদে তেওঁলোকৰ পৰিষদীয় সমষ্টিসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰে বিশেষ কেৰিয়াৰ কাউঞ্চিলিং প্ৰগেম (Career Counselling Program by DAC in Bihpuria) ।  

বুধবাৰে দেউৰী স্বায়ত্বশাসিত পৰিষদৰ (Deori Autonomous Council) উদ্যোগত অসম ডাউন টাউন ইউনিভাৰ্চিটিৰ (Assam Down Town University) সহযোগত পৰিষদীয় সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হ’লত অনুষ্ঠিত হয় এক কেৰিয়াৰ কাউন্সিলিং প্ৰগেম (Career Counselling Program in Bihpuria) । দেউৰী স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত পৰিষদীয় তিনিটাকৈ সমষ্টি সামৰি অনুষ্ঠিত কৰা হৈছে এই কেৰিয়াৰ কাউঞ্চিলিং প্ৰগেম ৷

আনহাতে পৰিষদৰ উদ্যোগত দেউৰী জনগোষ্ঠীটোৰ বহু ছাত্ৰ ছাত্ৰীয়ে আসাম ডাউনটাউন ইউনিভাৰ্চিটিত স্বাস্থ্য বিভাগৰ বিভিন্ন শাখাত শিক্ষাগ্ৰহণ কৰি আহিছে ৷ উক্ত কাৰ্যসুচীত ডাউন টাউন ইউনিভাৰ্চিটিৰ ডা° ইফটিকাৰ আহমেদ আৰু সমল ব্যক্তি অঞ্জন চৌধুৰী উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক মাৰ্গ দৰ্শন কৰাই ৷ 

লগতে পঢ়ক: APDCL negligence caused accident: APDCLৰ কাণ্ডজ্ঞানহীনতা ; বিদ্যুৎস্পৃষ্ট কৰ্মচাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.