আৰক্ষীৰ চকুত ধূলি ছটিয়াই হাতত হেণ্ডকাফ লৈ পলায়ন আচামীৰ
🎬 Watch Now: Feature Video
গুৱাহাটী, ১৫ ডিচেম্বৰ: হায় আৰক্ষী ! মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাত অঘটন ৷ হাতীগাঁও আৰক্ষী থানাৰ পৰা হাতত হেণ্ডকাফ লৈয়ে পলায়ন কৰিলে আচামীয়ে ৷ ইয়াৰ পিচতে আৰক্ষীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে পুৱা হাতীগাঁও থানাৰ ল’ক আপত থকা আচামীটোক শৌচাগাৰলৈ লৈ যোৱা হৈছিল ৷ তাৰ পিচতে আচামীটোৱে বহু সময়লৈ বাহিৰলৈ ওলোৱা নাছিল ৷ লগে লগে আৰক্ষীয়ে ভিতৰত চাই দেখে যে আচামীটো নাই ৷ হাতত হেণ্ডকাফ লৈয়েই পলায়ন কৰে আচামীটোৱে ৷
এই খবৰ পাই থানাখনত হুৱা-দুৱা পৰিৱেশৰ উদ্ভৱ হয় ৷ পলাতক আচামীটোক বিচাৰি হাতীগাঁও আৰক্ষীয়ে হাবাথুৰি খাইছে। জানিব পৰামতে হাতীগাঁৱৰ প্ৰগতি পথত চুৰি কৰি থকা অৱস্থাত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল চোৰটোক। পলাতক চোৰ তথা আচামীটোৰ নাম আমিন আলী। ইতিমধ্যে ASI ধ্ৰুৱজ্যোতি শৰ্মা আৰু কনিষ্টবল পৱন দাসক 24 ঘণ্টাৰ ভিতৰত পলায়ন কৰা আচামীটোক কৰায়ত্ত কৰিবলৈ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷
লগতে পঢ়ক: যোৰহাটৰ বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ