Operation against drunk drivers: বাইহাটা চাৰিআলিত নিশা সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান
🎬 Watch Now: Feature Video
বাইহাটা চাৰিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা কামৰূপৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ আকস্মিক অভিযান(Mission against drunk drivers in Baihata) । জিলা উপায়ুক্ত কীৰ্তি জলী আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ আৰু ৰঙিয়াৰ মহকুমাধিপতিয়ে নিৰীক্ষণ কৰিলে দুচকীয়া বাহনৰ লগতে প্ৰতিখন চাৰিচকীয়া বাহন(Operation against drunk drivers) । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এতিয়া পুৰ্বতকৈ অধিক সক্ৰিয় ৰূপত এইদৰে নামি পৰিছে অভিযানত । বনভোজ তথা উৎসৱৰ সময়ত যাতে কোনো চালকে সুৰাপান কৰি গাড়ী নচলাই তাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । নিশাৰ নিৰীক্ষণ কালত নথি-পত্ৰবিহীন মটৰ চাইকেল আৰোহীসকলৰ পৰা প্ৰশাসনে জৰিমনা হিচাপে প্ৰায় ১৫ হাজাৰ টকা আদায় কৰে বুলি জানিব পৰা গৈছে(Punishment of Traffic rules violator) ।
Last Updated : Feb 3, 2023, 8:36 PM IST