Crackdown on Child Marriage: বৰপেটাত বাল্য বিবাহ বিৰোধী অভিযান

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:43 PM IST

thumbnail

বৰপেটা,৩ অক্টোবৰ: বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীয়ে পুনৰ আৰম্ভ কৰা অভিযান বৰপেটা জিলাতো তীব্ৰতৰ কৰিছে । সোমবাৰে নিশাৰ পৰা এই অভিযান আৰম্ভ কৰাৰ ফলত জিলাখনৰ বিভিন্ন স্থানৰ পৰা ১৪২ জন লোকক আটক কৰা হৈছে । জিলাখনৰ বিভিন্ন আৰক্ষী থানাৰ অধীনৰ অঞ্চলৰ পৰা এই লোকসকল আটক কৰা হৈছে । বৰপেটা জিলা আৰক্ষীয়ে সদৰী কৰা অনুসৰি বাল্য বিবাহৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত আজিলৈকে ৮৫ টা গোচৰ ৰুজু কৰা হৈছে ।  

গোচৰ ৰুজু কৰা আৰক্ষী থানাকেইখন হ'ল বৰপেটা, বৰপেটা ৰোড, তাৰাবাৰী, সৰ্থেবাৰী, সৰভোগ, বাঘবৰ, হাউলী আৰু কলগাছিয়া । আটক কৰা লোকসকলৰ ভিতৰত দৰা, দৰা-কইনাৰ অভিভাৱক, কাজী আৰু কাজীৰ আত্মীয়ও আছে । সোমবাৰে নিশাৰ পৰা অভিযুক্তক আটক অভিযান আৰম্ভ কৰাৰ ফলত মঙলবেৰ পুৱাৰে পৰা থানাসমূহৰ সন্মুখত যথেষ্ট লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে বাল্যবিবাহৰ বিৰুদ্ধে বিগত সময়চোৱাত আৰক্ষীয়ে চলোৱা অভিযানৰ পাছতো একাংশ লোকে এনে বেআইনী কাৰ্যত লিপ্ত হৈছিল । সেই সকলৰ লগতে পূৰ্বৰো গোচৰত জিলাখনত প্ৰথম দিনৰ অভিযানতে বৃহৎ সংখ্যক লোকক আটক কৰা হয় ।

লগতে পঢ়ক: Operation against child marriage: বাল্য বিবাহৰ সৈতে জড়িত 8 জনক আটক অভয়াপুৰী আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.