thumbnail

মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Ferry Stuck In Brahmaputra

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 3:44 PM IST

মাজুলী, 6 জুলাই: মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা । ফেৰীৰ ইঞ্জিন বিকল হৈ নদীৰ মাজত আবদ্ধ মন্ত্ৰীগৰাকীৰ লগতে মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত কাবেৰী বি শৰ্মা লগতে প্ৰায় পঞ্চাশগৰাকী যাত্ৰী । মাজুলীৰ কেৰকেৰ চাপৰিত বানাক্ৰান্তৰ খবৰ ল’বলৈ শনিবাৰে পুৱাৰ ভাগত মিচামৰা অঞ্চলৰ পৰা ফেৰীৰে ৰাওনা হৈছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাসহ বিধায়ক আৰু জিলা আয়ুক্তৰ দলটো ।

প্ৰায় এঘণ্টা নদীৰ মাজত আৱদ্ধ হৈ থাকে ফেৰীখনৰ লগত যাত্ৰীসকল । অৱশেষত জলসম্পদ বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ফেৰীখন পুনৰ মেৰামতি কৰাত দলটোৱে পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ যোৱা তিনিদিন ধৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মাজুলীৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে বানত ক্ষয়-ক্ষতিৰ বুজ লৈছিল ।

লগতে পঢ়ক: পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী - ferry stuck in brahmaputra

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আবদ্ধ যাত্ৰীবাহী ফেৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.