thumbnail

By

Published : Aug 10, 2023, 8:32 PM IST

ETV Bharat / Videos

Theft incident : চিৰাঙত চোৰৰ উপদ্ৰৱ, বাছ চুৰি দুৰ্বৃত্তৰ

চিৰাং, 10 আগষ্ট : এইবাৰ বাছৰ ওপৰত চোৰৰ শেন চকু ৷ চিৰাঙত বাছ চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে নিশা চিৰাঙৰ ছাতিপুৰস্থিত তেল ডিপোত ৰখাই থোৱা এখন বাছ চুৰি হয় । পুৱা 3.40 বজাত চুৰি কৰি নিয়ে এএচ19চি-7427 নম্বৰৰ জয় ৰাম কৃষ্ণ নামৰ বাছখন। 

লক্ষ্যণীয় যে, স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনে পেৰেডলৈ ছাত্ৰ-ছাত্ৰী অনা নিয়াৰ বাবে নিয়োজিত কৰিছিল । বাছ চালক নুৰ ইচলামে নিশা বাছখন ছাতিপুৰ স্থিত তেল ডিপোত থৈ নিজ বাসগৃহলৈ গুচি যায় । এই সুযোগতে চোৰে বাছখন চুৰি কৰে। 

পুৱা চালকে বাছ লবলৈ আহি বাছখন থৈ যোৱা স্থানত নাপাই পুৱা 8 বজাত কাজলগাঁও থানাৰ সৈতে যোগাযোগ কৰে ৷  কাজলগাঁও থানাৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই চিদলী থানাৰ অন্তৰ্গত স্যামথাইবাৰীত পৰিত্যক্ত অৱস্থাত বাছখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি কাজলগাঁও থানাত থৈ দিয়া আছে বাছখন। এতিয়ালৈ চুৰিকাণ্ডৰ লগত জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । 

চিৰাং জিলাত ইয়াৰ পূৰ্বেও ট্ৰাক চুৰি হোৱাৰ লগতে অইন চাৰিচকীয়া বাহনো চুৰি হোৱাৰ তথ্য আছে যদিও আৰক্ষীয়ে চোৰক ধৰিবলৈ সক্ষম হোৱা নাই। জিলাখনত গাড়ী চুৰিৰ এক বৃহৎ চক্ৰ থকাৰো সন্দেহ কৰা হৈছে। এই ক্ষেত্ৰত আৰক্ষীয়েও গোপনে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Half naked body recovered: শিৱাসাগৰত অচিনাক্ত যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.