Theft in Kaliabar: কলিয়াবৰত পঞ্চায়ত কাৰ্যালয়ত চোৰৰ লুট-পাত
🎬 Watch Now: Feature Video
কলিয়াবৰ,৪ অক্টোবৰ: দিনকদিনে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । দিন দুপৰতে সংঘটিত হ'বলৈ ধৰিছে চুৰিকাণ্ড । এইবাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত চলিল চোৰৰ চাফাই অভিযান । কলিয়াবৰৰ নিজ বৰভগীয়া গাঁও পঞ্চায়ত কাৰ্যালয়ত চোৰৰ লুট-পাত । দুৱাৰৰ তলা ভাঙি নিশা চোৰে চলালে চাফাই অভিযান । ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিতে থকা কাৰ্যালয়টোত পূৰ্বতেও সংঘটিত হৈছিল চুৰিকাণ্ড ।
পঞ্চায়ত কাৰ্যালয়টোৰ আলমিৰা, ড্ৰয়াৰ আদি ভাঙি চোৰে লণ্ড-ভণ্ড কৰাৰ লগতে চোৰে লৈ যায় পানীৰ মটৰ, ইনভাৰ্টাৰ আদি । চোৰে ভাঙি থৈ যায় এটা লেপটপো । উল্লেখ্য যে, কলিয়াবৰৰ মিছা আৰক্ষী চকীৰ সমীপতে অৱস্থিত পঞ্চায়ত কাৰ্যালয়টোত এবছৰৰ পূৰ্বেও চোৰে লুটপাত চলাইছিল । মঙলবাৰে নিশাও পুনৰ চোৰে তহিলং কৰে কাৰ্যালয়টো । পূৰ্বে কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো নৈশ চকীদাৰ নথকাৰ সুযোগ লৈ চোৰে কৰে এই কাণ্ড । ইফালে মিছা আৰক্ষী চকীৰ এলেকাধীন অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধিয়ে চিন্তিত কৰি তুলিছে সকলোকে ।
লগতে পঢ়ক: Dhemaji theft news:ধেমাজিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা দুধৰ্ষ চোৰক