ETV Bharat / international

বাৰ্ড ফ্লুত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত - CANADA BIRD FLU CASE

Bird flu: বিশ্বজুৰি বাৰ্ড ফ্লুৱে পুনৰ এবাৰ সকলোকে চিন্তিত কৰি তুলিছে । তাৰ মাজতে কানাডাত মানৱ দেহত বাৰ্ড ফ্লুৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে ।

Bird flu
বাৰ্ড ফ্লুত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত (AFP)
author img

By AFP

Published : Nov 10, 2024, 12:02 PM IST

মণ্ট্ৰিয়েল : বাৰ্ড ফ্লুত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে । এগৰাকী কিশোৰ এইবাৰ বাৰ্ড ফ্লুত আক্ৰান্ত হৈছে । ব্ৰিটিছ কলম্বিয়াৰ কিশোৰগৰাকীক বাৰ্ড ফ্লু পজিটিভ হিচাপে ধৰা পৰিছে । তেওঁ হৈছে কানাডাৰ প্ৰথমগৰাকী বাৰ্ড ফ্লু আক্ৰান্ত লোক । কানাডা প্ৰশাসনে এই কথা নিশ্চিত কৰিছে । স্থানীয় স্বাস্থ্য বিভাগে কয় যে এইছ৫ এভিয়ান ফ্লুৰ চিকাৰ হোৱা কিশোৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ইফালে সংক্ৰমণৰ উৎস আৰু যিকোনো সম্ভাব্য সম্পৰ্কৰ অনুসন্ধান চলাই থকা হৈছে বুলি প্ৰশাসনে জনাইছে । এগৰাকী বিষয়াই জনাই যে এই সংক্ৰমণ সম্ভৱতঃ পক্ষী বা জন্তুৰ পৰা আহিছে । ব্ৰিটিছ কলম্বিয়াৰ স্বাস্থ্য বিষয়া বনি হেনৰীয়ে কয়, "এয়া এক বিৰল ঘটনা । আমি ইয়াৰ উৎস সম্পূৰ্ণৰূপে বুজিবলৈ এক পুংখানুপুংখ অনুসন্ধান চলাই আছো ।"

বাৰ্ড ফ্লুৰ সংক্ৰমণ

বাৰ্ড ফ্লু সচৰাচৰ বনৰীয়া পক্ষী আৰু কুকুৰাৰ ক্ষেত্ৰত দেখা পোৱা যায় । কিন্তু শেহতীয়াকৈ স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰতো ধৰা পৰিছে । এই বছৰ সমগ্ৰ আমেৰিকাত এই ভাইৰাছ গৰুৰ দেহত ধৰা পৰিছে । অৱশ্যে মাজে সময়ে ঘনিষ্ঠ সম্পৰ্ক বা প্ৰদূষিত পৰিৱেশৰ ফলত মানুহো সংক্ৰমিত হ'ব পাৰে ।

বিজ্ঞানীসকলে বাৰ্ড ফ্লুৰ দ্বাৰা সংক্ৰমিত হোৱা স্তন্যপায়ী প্ৰাণীৰ বৰ্ধিত সংখ্যাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে । আনকি মানুহৰ ক্ষেত্ৰত এনে ঘটনা বিৰল । বিজ্ঞানীসকলে আশংকা কৰে যে অত্যধিক সংক্ৰমণে ভাইৰাছটোৰ পৰিৱৰ্তন সহজ কৰিব পাৰে, যাৰ ফলত ই এজন মানুহৰ পৰা আন এজনলৈ সংক্ৰমিত হ'ব পাৰে ।

ছেপ্টেম্বৰত বিষয়াসকলে দাবী কৰিছিল যে মিছৌৰীত এজন ব্যক্তি সংক্ৰমিত জন্তুৰ সংস্পৰ্শলৈ নহাকৈয়ে বাৰ্ড ফ্লুৰ দ্বাৰা সংক্ৰমিত হৈছিল । এনে ঘটনা আমেৰিকাত প্ৰথম আছিল । আমেৰিকাত পূৰ্বৰ সকলো বাৰ্ড ফ্লুৰ ঘটনা কৃষকসকলৰ মাজত দেখা গৈছিল । ২০২২ চনত বাৰ্ড ফ্লুৰ প্ৰথমটো ঘটনা দেখা গৈছিল ।

লগতে পঢ়ক : পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণ; ২৪ গৰাকী লোক নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.