ETV Bharat / state

বানে ধোৱা খোৱাঙত নাই ৰাসৰ আনন্দ

আহাৰমহীয়া বানে কাঢ়ি লৈ গ'ল সপোন । বানে ধোৱা খোৱাঙত এইবাৰ অনুষ্ঠিত নহয় ৰাস । পৰম্পৰাগত ৰাস অনুষ্ঠিত কৰিব নোৱাৰি আবেগিক ৰাইজ ।

Raas festival not held in Khowang due to flood impact
বানে ধোৱা খোৱাঙত নাই ৰাসৰ আনন্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 10:26 AM IST

মৰাণ : শৰতৰ নিয়ৰসনা নিশা ৰাসৰ মাদকতা ল'বলৈ সাজু হৈছে ৰাজবাসী । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে বিভিন্ন প্ৰান্তৰত ৰাইজে অনুষ্ঠিত কৰি আহিছে ৰাস মহোৎসৱ । সমাগত ৰাস মহোৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে ডিব্ৰুগড়ত পৰিলক্ষিত হৈছে উৎসৱমুখৰ পৰিৱেশ ৷ জীপাল হৈ পৰিছে ৰাস অনুষ্ঠিত কৰা অঞ্চলসমূহ ।

কিন্তু এই সময়চোৱাত নিমাও-মাও পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় জিলাৰ খোৱাং দলনিকোৰত । কাৰণ খোৱাঙৰ একমাত্ৰ ৰাস অনুষ্ঠিত কৰা অঞ্চলটোত এইবাৰ অনুষ্ঠিত নহয় ৰাস । গেৰগেৰী আৰু দলনিকোৰ দুয়োখন গাঁৱৰ ৰাইজে ২০০৫ চনৰ পৰাই প্ৰতি বছৰে ৰাস অনুষ্ঠিত কৰি আহিছে ।

বানে ধোৱা খোৱাঙত নাই ৰাসৰ আনন্দ (ETV Bharat Assam)

এই সময়চোৱাত অঞ্চলটোত পৰিৱেশেই বেলেগ হৈ পৰে । কিন্তু এইবাৰ আহাৰমহীয়া বানে সকলো সপোন চূৰমাৰ কৰি পেলালে । বানত নষ্ট হ'ল মুখা শিল্পকে ধৰি ৰাসৰ সকলো সামগ্ৰী । বানত বিধ্বস্ত হোৱা গাঁৱৰ ৰাইজে যোগাৰ কৰিব নোৱাৰিলে প্ৰয়োজনীয় সামগ্ৰীসমূহ । সেয়ে গাঁওখনত এইবাৰ ৰাস অনুষ্ঠিত নহয় ।

স্থানীয় ৰাস পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে কয়, “কণ কণ শিশুসকলে ৰাস হ'বনে বুলি সুধিলে আমাৰ বহুত দুখ লাগে । কাৰণ আমাৰ সামৰ্থও নাই, সকলো সামগ্ৰী যোগাৰ কৰি ৰাস পাতিবলৈ । বানপানীয়ে জুৰুলা কৰি পেলোৱা পৰিয়াল সমূহে কোনোমতে ঘৰখন চলাই আছে । তেনেস্থলত ব্যয়বহুল ৰাস এখন অনুষ্ঠিত কৰে কেনেকৈ । অৱশ্যে ইয়াৰ পূৰ্বেও ক'ভিড আৰু অন্য এক কাৰণত অঞ্চলটোত ৰাস অনুষ্ঠিত হোৱা নাছিল । ৰাইজৰ আশা চৰকাৰে অঞ্চলটোত বানৰ এক স্থায়ী সমাধান কৰি দিলে সংস্কৃতিবান অঞ্চলটোৰ অতীত জীয়াই থাকিব ।"

উল্লেখযোগ্য যে, এইবাৰ ডিব্ৰুগড় জিলাৰ খোৱাঙত বানৰ ভয়াৱহতা অধিক হৈছিল । বুঢ়ীদিহিঙৰ বানে মথাউৰিৰ লগতে কেইবাটাও ৰিংবান্ধ ভাঙি পেলোৱাত এটা মাহ খোৱাং অঞ্চলৰ বহু গাঁৱৰ ৰাইজে আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল ।

কৃষি প্ৰধান অঞ্চশটোৰ শ শ বিঘা কৃষি বানে নষ্ট কৰি পেলোৱাত জীৱন-জীৱিকাৰ বাবে সমস্যাত পৰিছে বহু দৰিদ্ৰ পৰিয়ালে । ফলত অৰ্থৰ অভাৱতেই নিজৰ পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে খোৱাং দলনিকোৰ অঞ্চলৰ ৰাইজৰ ।

লগতে পঢ়ক: এইবৰ্ষৰ ৰাসত কোন হ’ব কৃষ্ণৰ মাতৃ আৰু কোন হ’ব প্ৰেমিকা ?

মাজুলী ৰাস আৰু ১৮৫ বছৰীয়া পৰম্পৰা

নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ৯১ সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি, ৰাসলৈ আহিব ৰাম-সীতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.