Theft in Jonai: জোনাই আগাম দলুঙত চুৰিকাণ্ড
🎬 Watch Now: Feature Video
জোনাই,২ আগষ্ট: বিগত কিছুদিন পূৰ্বৰে পৰা জোনাই সদৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলাই আহিছে লুটপাত । এনে সময়তে এইবাৰ চুৰিকাণ্ড সংঘটিত হয় জোনাইৰ আগাম দলুঙৰ এটা পৰিয়ালত ৷ জানিব পৰা মতে বুধবাৰে মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ কাৰ্যালয়ত কৰ্মৰত জোনাই আগাম দলুঙৰ নিৱাসী পুণ্যপ্ৰভা দলে পাতিৰে সন্ধিয়া ৪ বজাত কৰ্মস্থলীৰ পৰা ঘৰত প্ৰৱেশ কৰি দেখে যে ঘৰৰ তিনিটা তলা ভাঙি চোৰে লণ্ড-ভণ্ড কৰি থৈ যায় ৷
উল্লেখযোগ্য যে পূণ্যপ্ৰভা দলে পাতিৰে কাৰ্যালয়ত থকা সময়ত চোৰে সুযোগ গ্ৰহণ কৰি ঘৰৰ তিনিটা তলা ভাঙি সোমাই নগত ২৭ হাজাৰ টকা, বহু মূল্যবান নথি পত্ৰ আৰু ঘৰৰ বহু সামগ্ৰী চোৰে লুটি লৈ যায় ৷ উক্ত ২৭ হাজাৰ টকা গুৱাহাটীত পঢ়ি থকা জীয়ৰীক দিবলৈ ৰখা হৈছিল বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত খৱৰ পোৱা মাত্ৰকে জোনাই আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও বৰ্তমানলৈ চোৰৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ।
লগতে পঢ়ক: Japanese Encephalitis: বৰপেটাত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৰ ত্ৰাস