হাগ্ৰামা মহিলাৰীৰ চিন্তা বেলেগ ধৰণৰ, তেওঁৰ চিন্তা আনে বুজি নাপায় : প্ৰমোদ বড়ো - chandan brahma
🎬 Watch Now: Feature Video


Published : Nov 30, 2023, 7:59 PM IST
কোকৰাঝাৰ, 30 নৱেম্বৰ : ‘‘হাগ্ৰামা মহিলাৰীৰ চিন্তা বেলেগ ধৰণৰ ৷ তেওঁৰ চিন্তা আনে বুজি নাপায় ৷ তেওঁ নিজৰ সতীৰ্থক ডেপুটেচনত পঠিয়ায় ৷ বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীক তেওঁ বিজেপিলৈ ডেপুটেচনত পঠাইছিল ৷ ডেপুটেচন শেষ হ'ল, এতিয়া বিজেপিৰ পৰা আকৌ বিপিএফলৈ ঘূৰি আহিল ৷’’ এই মন্তব্য ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷
বিপিএফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰি কোকৰাঝাৰ লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চা লাভ কৰাৰ সময়তে বৃহস্পতিবাৰে সাংবাদিকৰ প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কেতবোৰ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, ‘‘ যি পৰিৱেশৰ বাবে ইমানুৱেল মুছাহাৰী ওলাই যাবলগীয়া হৈছিল, তেনে পৰিৱেশৰ যাতে আৰু সৃষ্টি নহয় তাৰ প্ৰতি মহিলাৰীয়ে গুৰুত্ব দিয়া উচিত ৷ বৰ্তমান লাহে লাহে ৰাজনীতি ভাল হৈ আহিছে আৰু হাগ্ৰামাৰ নাটক সকলোৱে বুজি পোৱা হৈছে ।’’
বিগত ১৭ বছৰে একো কাম কৰা নাই বুলি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি ৰাইজে এতিয়া আৰু গোষ্ঠীসংঘৰ্ষ, ভাতৃঘাতী সংঘৰ্ষ নিবিচাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক : Lok Sabha election 2024: মিত্ৰতাক লৈ বিজেপিৰ সৈতে কোনো আলোচনা হোৱা নাই বিপিএফৰ: দুৰ্গাদাস বড়ো