Pramod Boro: ওদালগুৰিৰ কলাইগাঁৱত পথ উদ্বোধন বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 5:48 PM IST

Updated : Sep 6, 2023, 6:21 PM IST

thumbnail

ওদালগুৰি, 6 ছেপ্টেম্বৰ: বুধবাৰে ওদালগুৰি জিলাৰ কলাইগাঁৱত এটা পথ উদ্বোধন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷ 2022-23 বৰ্ষৰ SOPD আঁ‌চনিৰ অধিনত প্ৰায় ৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পথটো ৷ 

ওদালগুৰি জিলাৰ বিটিচি মদৈবড়ি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কলাইগাঁও বালিপাৰা বাথৌ মন্দিৰৰ পৰা খৈৰাবাৰী কালি মন্দিৰলৈ নিৰ্মাণ কৰা হৈছে 500 মিটাৰ দৈৰ্ঘ্যৰ পথটো ৷

বড়ো মাধ্যমৰ একাংশ অপ্ৰাদেশিকৃত স্কুল প্ৰাদেশিকীকৰণ কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকা সময়তে বিটিচি প্ৰধানগৰাকীয়ে কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহো প্ৰাদেশিকীকৰণ কৰা হ’ব ৷

উল্লেখ্য যে পথটো উদ্ধোধনৰ অনুষ্ঠানত বিটিআৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, UPPLৰ নেতা নন্দ ৰাম বড়ো, এন্টনী বসুমতাৰীসহ বহু সংখ্যক লোক উপস্থিত থাকে ।
 লগতে পঢ়ক: Poor Road in Udalguri: সমষ্টিবাসীলৈ পিঠি দিলে নেকি বিধানসভাৰ অধ্যক্ষই ! ৰাইজে নিৰ্মাণ কৰিলে পথ

Last Updated : Sep 6, 2023, 6:21 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.