Bride drives tanker lorry with groom : কইনাই টেংকাৰ চলাই বহুৱাই লৈ গ’ল দৰাক - বিবাহক হৈ সকলোৰে থাকে ন ন পৰিকল্পনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 8, 2023, 10:52 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বিবাহক হৈ সকলোৰে থাকে ন-ন পৰিকল্পনা ৷ বিশেষকৈ ছোৱালীবোৰে নিজৰ বিয়াখনক লৈ বহু কল্পনা কৰে ৷ বিয়াৰ দিনা কি সাজ পিন্ধিব, দৰাৰ সৈতে কেনেকৈ যাব ইত্যাদি ৷ সকলো ছোৱালীৰ দৰে দলিচাৰো আছিল বহু সপোন ৷ লাহে লাহে সময় বাগৰিল ৷ অৱশেষত আহি পালে দলিচাৰ বিয়াৰ দিনটো ৷ শনিবাৰে ৰীতি-নীতি অনুসৰি কেৰালাৰ কাঞ্জিৰপিল্লীৰ বাসিন্দা হেনছনৰ সৈতে বিবাহত বহিবলৈ সাজু হ’ল মনালুৰ দলিচা ৷ কিন্তু পূৰ্বেই ঠিৰাং কৰি থোৱা অনুসৰি, কইনাৰ সাজ পৰিধান কৰি দৰা হেনছনক কাষত বহুৱাই কইনা দলিচাই বিবাহ মণ্ডপলৈ গ’ল মস্ত' এখন অইল টেংকাৰত (Bride drives tanker lorry from betrothal venue along with groom) ৷ জানি আচৰিত হ’ব, সেই টেংকাৰখন আন কোনো চালকে নহয়, দলিচাই নিজেই চলাই বিবাহ মণ্ডপত উপস্থিত হ’ল (Bride drives tanker lorry with groom)৷ সম্প্ৰতি দলিচাৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.