Body recovered : অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত উদ্ধাৰ মৃতদেহ

By

Published : Dec 19, 2022, 1:51 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail
অসম-অৰুণাচল সীমান্তৰ ৰুকচিন নদীত উদ্ধাৰ উৱলি যোৱা এটা মৃতদেহ (Decomposed body recovered in Dhemaji)। সোমবাৰে পুৱাই উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো । ৰুকচিন নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো (Body recovered in Ruksin river)। মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ অৱশ্যে উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত হোৱা নাই । মৃতদেহটোৰ পকেটৰ পৰা নগদ ৬০০ টকা, ঘড়ী আৰু মটৰ চাইকেলৰ চাবি উদ্ধাৰ কৰিছে আৰক্ষীয়ে । ৰুকচিন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.