Mother Son Suicide Case Kamalpur : পুঠিমাৰী নদীৰ পৰা উদ্ধাৰ বৰপুত্ৰৰ মৃতদেহ, মাতৃ এতিয়াও সন্ধানহীন

By

Published : Jan 18, 2023, 8:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বাইহাটা চাৰিআলিৰ কমলপুৰৰ আঠগাঁৱত মঙলবাৰে সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা (Kamalpur woman suicide with sons) । এগৰাকী মাতৃয়ে তেওঁৰ দুই পুত্ৰ সন্তানক লগত লৈ জাঁপ দিছিল পুঠিমাৰি নদীত । ঘটনাটো সংঘটিত হোৱাৰ পিচতে এজন প্ৰত্যক্ষদৰ্শীয়ে ৰুমী ডেকা নামৰ মহিলাগৰাকীৰ সৰু পুত্ৰক উদ্ধাৰ কৰে যদিও ডাঙৰ পুত্ৰ আৰু মাতৃ নদীৰ গভীৰলৈ সোমাই যায় ।

আজিও ডাঙৰ পুত্ৰ আৰু মাতৃক বিচাৰি এছডিআৰএফ (SDRF) আৰু এনডিআৰএফে (NDRF) অভিযান চলাই ডাঙৰ পুত্ৰৰ নিথৰ দেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে (body recovered from puthimari river Nalbari) । কিন্তু এতিয়ালৈকে মাতৃক উদ্ধাৰ কৰিব পৰা নাই । ইফালে এন্ধাৰ হৈ অহা বাবে আজিৰ অভিযান স্থগিত ৰাখি বৃহস্পতিবাৰে পুনৰ মাতৃগৰাকীক বিচাৰি অভিযান চলাব বুলি ব্যক্ত কৰে স্থানীয় দণ্ডাধীশ পৰীক্ষিত ফুকনে ।

উল্লেখ্য, বাইহাটা চাৰিআলিৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱত দৰিদ্ৰতাই কাল অমানিশা নমাই আনে এটা পৰিয়াললৈ (Attempt to Suicide case at Baihata Chariali) ৷ যাৰ চূড়ান্ত পৰিণতিত দুই পুত্ৰক লগত লৈ মাতৃয়ে জাঁপ দিয়ে পুঠিমাৰী নৈত (Mother with two sons Attempt to Suicide) ।

কিন্তু এই ঘটনা পৰিলক্ষিত কৰি স্থানীয় এজন ব্যক্তিয়ে তেওঁলোকক বচাবৰ বাবে নদীত জাঁপ দি কনিষ্ঠ পুত্ৰক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু মাতৃ আৰু বৰপুত্ৰক উদ্ধাৰ কৰিব নোৱাৰিলে ৷ ইফালে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকে মহিলাগৰাকীৰ পৰিয়ালৰ লোক তথা আৰক্ষীক খবৰ দিয়ে ৷ 

ঘটনাৰ খবৰ পাই আৰক্ষীৰ লগতে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে (SDRF and NDRF started rescue operation) ৷ কিন্তু মঙলবাৰে দিনটো আৰু বুধবাৰে পুৱালৈকে মাতৃ তথা বৰপুত্ৰৰ কোনো সন্ধান পোৱা হোৱা নাছিল । তাৰ পিছত আজি সন্ধিয়া বৰপুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.