Miscreants killed youth in Guwahati:বোন্দাত দুৰ্বৃত্তই যুবকক হত্যা কৰি পেলাই থলে জংঘলত - Body recovered in Bonda Amsing Sanctuary
🎬 Watch Now: Feature Video
গুৱাহাটী, ৯ আগষ্ট: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নৃশংসভাৱে এজন যুৱকক হত্যা কৰি পেলাই থলে গভীৰ জংঘলত । মহানগৰীৰ বোন্দা আমচিং অভায়ৰণ্যৰ ফৰেষ্ট কেম্পৰ ভিতৰত সংঘটিত হৈছে এই ঘটনাটো । পিন্ধনত কলা টি চাৰ্ট আৰু অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ ।
উল্লেখ্য় যে যুৱকজনৰ মৃতদেহটোৰ ডিঙি আৰু মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে । আজি দিনৰ ১২ বজাত বন বিভাগৰ লোকে অচিনাক্ত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় পানীখাইতি আৰক্ষীক খবৰ দিয়ে । কিছু সময়ৰ পিছত ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু ফৰেনচিক বিভাগৰ দল উপস্থিত হৈ এই ঘটনাটোৰ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি আমচিং অভয়াৰণ্যত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ।