শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত গুৱাহাটীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 6:42 PM IST

গুৱাহাটী, ২০ ডিচেম্বৰ: শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ প্ৰসূতি বিভাগৰ সম্মুখত এজন যুবকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে ৰহস্যজনৰ । মৃত যুৱকজন গুৱাহাটী ভাস্কৰ নগৰৰ কাৰ্তিক ৰায় বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য় যে কালি আবেলি শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ প্ৰসূতি বিভাগৰ সম্মুখত মেডিকেল কলেজত উপস্থিত হোৱা লোকসকলে এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে । ইয়াৰ পিচতেই খবৰ লাভ কৰাত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় গুংগুৰ থানাৰ আৰক্ষী ।  

আৰক্ষীয়ে মৃত যুৱকজনৰ পকেটৰ পৰা এখন কাগজ লাভ কৰে য'ত তেওঁৰ নাম আৰু ঠিকনা লিখা আছিল । পিচত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰে ৷  

ইপিনে, শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল চৌহদত মৃতদেহ উদ্ধাৰ হোৱাক লৈ মেডিকেল কলেজত এক চাঞ্চল্যৰ সৃষ্টি হয় । প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে যে হয়তো যুবকজন চিকিৎসাৰ বাবে মেডিকলেজলৈ আহিছিল আৰু অহাৰ পাছতেই তেওঁৰ মৃত্যু হৈছে । এই সমগ্ৰ ঘটনাটোৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ভাগিনীয়েকক দাৰে জধে-মধে ঘপিয়ালে মোমায়েকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.