Body Building compitition: যুৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী কৰিবলৈ বৰপেটাত দেহশ্ৰী প্ৰতিযোগিতা - Assam Body Building Fitness Association
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17201801-1017-17201801-1671010600589.jpg)
যি সময়ত সমগ্ৰ দেশতেই যুৱপ্ৰজন্মক নিচা যুক্ত সামগ্ৰীৰ গ্ৰাসত পৰিছে সেই সময়তে নিজৰ শৰীৰৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিবলৈ বৰপেটাত অনুষ্ঠিত কৰা হয় মিষ্টাৰ বৰপেটা আৰু জুনিয়ৰ মিষ্টাৰ বৰপেটা বডী বিল্ডিং স্পোৰ্টছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা(Mr and Junior Mr Barpeta) । বৰপেটা ফিটনেছ জ'নৰ উদ্যোগত আৰু অসম বডী বিল্ডিং ফিটনেছ এচোছিয়েশ্যনৰ(Assam Body Building Fitness Association) সহযোগত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাতখনিত । ১১ সংখ্যক এই এই প্ৰতিযোগিতাখনিত উপস্থিত থাকে বৰপেটাৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে হাজাৰৰো অধিক দৰ্শক । প্ৰতিযোগিতাখনত মিষ্টাৰ বৰপেটা খিতাপ অৰ্জন কৰে ধ্ৰুৱজ্যোতি দাসে আৰু জুনিয়ৰ মিষ্টাৰ বৰপেটা খিতাপ অৰ্জন কৰে অমন পাঠকে ।
Last Updated : Feb 3, 2023, 8:35 PM IST