প্ৰধানমন্ত্ৰীৰ জন্মদিনত মাজুলীত ৰক্তদান শিবিৰ

By

Published : Sep 17, 2022, 4:18 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

৭২ বছৰীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Birth day of PM Modi) ৷ দেশজুৰি শনিবাৰৰ পৰা 2 অক্টোবৰলৈ পালন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অসমতো বিজেপিয়ে পালন কৰিব 'সেৱা পষেক' । জন্মদিন উপলক্ষে মাজুলী জিলা বিজেপি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই ৰক্তদান শিবিৰৰ আয়োজন কৰে । গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ত এই উপলক্ষে ভাৰতীয় জনতা যুৱ মৰ্চাই এই ৰক্তদান শিবিৰ(Blood donation camp in Majuli)অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা (MP Pradan Barua donated blood)আৰু বিধায়ক ভুৱন গাম(MLA Bhuvan Gum in Majuli) উপস্থিত থকাৰ লগতে প্ৰদান বৰুৱাই ৰক্তদান কৰে । এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলা সমিতি যুৱ মৰ্চাৰ সকলো দলীয় নেতা-কৰ্মী উপস্থিত থাকে । বিজেপিৰ মাজুলীৰ জিলা সমিতিৰ ১০০গৰাকী লোকে আজি উক্ত শিবিৰত ৰক্ত দান কৰে। দিনজোৰা কাৰ্যসূচীৰে মাজুলীত উদযাপন কৰিছে প্ৰধানমন্ত্ৰীৰ জন্মদিন ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.