BJP Press Meet at Diphu: বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতাৰ সংবাদ মেল, সাংবাদিকৰ প্ৰশ্নত আধাতে সামৰিলে সংবাদমেল - BJP national leader press meet
🎬 Watch Now: Feature Video
ডিফু, 16 জুন: সমগ্ৰ দেশতে বিজেপি দলে তৃতীয়বাৰৰ বাবে দিল্লী দখল কৰাৰ চেষ্টা আৰম্ভ কৰিছে ৷ তাৰেই অংশস্বৰূপে আজি ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত সাংবাদিক সকলক লৈ এক সংবাদ মেল আয়োজন কৰে বিজেপি দলে ৷ দলটোৰ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ সহ-তত্বাবধায়ক পৱন শৰ্মা , সাংসদ হৰেন ছিং বে’ , মন্ত্ৰী নন্দিতা গাৰ্লোচা , বিধায়ক দৰছিং ৰংহাং , বিদ্যাছিং ইংলেং , জিলা সভাপতি ৰলেন্দ্ৰ কিলিং আৰু ৰূদিপ ৰংহাং সহ দলটোৰ নেতা সকল সংবাদ মেলত উপস্থিত থাকে ৷
কাৰ্বি আংলং , পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ সকলো সাংবাদিকক ডিফুৰ আৰবৰেটামৰ প্ৰেক্ষাগৃহলৈ মাতি সংবাদ মেল সম্বোধন কৰে পৱন শৰ্মাই ৷ নেতা গৰাকীয়ে 9 বছৰীয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত হোৱা দেশৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে ৷ লগতে মোডীৰ শাসন কালত দেশৰ অৰ্থনৈতিক উন্নতিয়ে বৃটেইনক চেৰ পেলোৱা বুলি কয় ৷ ভাৰতবৰ্ষ এতিয়া বিশ্বগুৰু হ’বলৈ আগবাঢ়ি যোৱা বুলি কয় নেতাগৰাকীয়ে৷
তেওঁ লগতে কয় যে, নৰেন্দ্ৰ মোডীৰ বাবেই আজি বিশ্বই ভাৰতবৰ্ষক এক সুকীয়া স্থান দিছে ৷ 70 বছৰে দেশত একো উন্নতি হোৱা নাছিল ৷ দেশৰ চিকিৎসা ব্যৱস্থাৰ পৰা দৰিদ্ৰ কল্যাণ , কৃষক কল্যাণকামী বহু আচঁনিৰ লগতে দেশৰ উন্নতি চমকপ্ৰদ হোৱা বুলি কয় ৷ ইয়াৰ পিচতে সাংবাদিকে মূল্য বৃদ্ধি , নিৱনুৱা সমস্যা ইত্যাদি সন্দৰ্ভত প্ৰশ্ন কৰাত সাংসদ হৰেন ছিং বেয়ে কিছু কথা কয় যদিও দলীয় নেতৃত্বতই আধাতে সংবাদ মেলৰ সামৰণি ঘোষণা কৰে ৷
লগতে পঢ়ক: CM at Diphu: সাহিত্যিক ৰংবং তেৰাঙৰ গৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা