বিধায়ক ভূৱন পেগুৰ বাসগৃহত বিদ্ৰোহী ৱাৰ্ড কমিছনাৰৰ বিজেপিত যোগদান - চিলাপথাৰত বিধায়ক ভূৱন পেগুৰ বাসগৃহত বিজেপিত যোগদান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-12-2023/640-480-20237828-thumbnail-16x9-jonai.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 11, 2023, 1:41 PM IST
|Updated : Dec 11, 2023, 4:15 PM IST
জোনাই, ১১ ডিচেম্বৰঃ চিলাপথাৰত বিধায়ক ভূৱন পেগুৰ বাসগৃহত আনুষ্ঠানিকভাৱে পৌৰসভাৰ বিদ্ৰোহী ৱাৰ্ড কমিছনাৰ বাবুল চক্ৰৱৰ্তীৰ বিজেপিত যোগদান । বিজেপিৰ নীতি -আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত আনুষ্ঠানিকভাৱে দেওবাৰে নিশা যোগদান কৰে চিলাপথাৰ পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ বাবুল চক্ৰৱৰ্তীয়ে । জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বাসগৃহত ধেমাজি জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাৱণ্য পাইট দলে, জেষ্ঠ বিজেপি কৰ্মী গংগা পেগু আৰু বিভূতি ভূঞাৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এই যোগদান কাৰ্যসূচী ।
চিলাপথাৰ পৌৰসভা নিৰ্বাচনত ৩নং ৱাৰ্ডত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বিজেপি নেতা জেনিফাৰ ফুকনৰ বিৰুদ্ধে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয় সাব্যস্ত কৰিছিল বাবুল চক্ৰৱৰ্তীয়ে ৷ উল্লেখ্য যে যোৱা ১ ডিচেম্বৰত বাবুল চক্ৰৱৰ্তীৰ নেতৃত্বত চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰূদ্ধে ৯ গৰাকী ৱাৰ্ড কমিশ্যনাৰে দুৰ্নীতি, ভ্ৰষ্টাচাৰ তথা মইমতালিৰ অভিযোগ উত্থাপন কৰি জিলা আয়ুক্তৰ ওচৰত দাখিল কৰে অনাস্থা প্ৰস্তাৱ । বিজেপিৰ ৩, কংগ্ৰেছৰ ২ আৰু নিৰ্দলীয় ৪ গৰাকী ৱাৰ্ড কমিশ্যনাৰে অনাস্থা প্ৰস্তাৱ গ্ৰহণৰ এসপ্তাহৰ পাছত হঠাৎ বাবুল চক্ৰৱৰ্তীয়ে বিজেপিত যোগদান কৰা কাৰ্যই চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ।