Baser Ali Murder case : প্ৰায় 3 মাহৰ অন্তত আটক বিলাসীপাৰাৰ বাছেৰ আলী হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডক - বিলাসীপাৰাৰ বাছেৰ আলী হত্যাকাণ্ড
🎬 Watch Now: Feature Video
Published : Sep 8, 2023, 11:31 AM IST
পশ্চিম বিলাসীপাৰা, 8 ছেপ্টেম্বৰ : অৱশেষত অসম আৰক্ষীয়ে পেলাইছে স্বস্তিৰ নিশ্বাস ৷ কিয়নো অসম আৰক্ষীৰ জালত পৰিছে বিলাসীপাৰাৰ বাছেৰ আলী হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ৷ অভিযুক্তটোৰ নাম আখিৰুল ইছলাম ৷ বৃহস্পতিবাৰে নিশা বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া ড৹ স্মৃতিৰেখা ফুকনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এক অভিযান ৷ এই অভিযানতে নিশা 2 বজাত কোকৰাঝাৰ জিলাৰ চৌতাৰাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা খেদি খেদি আটক কৰে অভিযুক্ত আখিৰুল ইছলামক ।
জানিব পৰা মতে, বিলাসীপাৰা চহৰত 8 নং ৱাৰ্ডস্থিত ভৈৰৱগঞ্জত প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক চলিত বৰ্ষৰ 25 মে’ৰ দিনা ঘৰতে কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৷ এই হত্যাকাণ্ডৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰক্ৰিয়াৰ ৷ হত্যাকাৰীক বিচাৰি CID য়েও চলাইছিল অভিযান ৷ কিন্তু ঘটনাৰ মূল অভিযুক্তক বিচাৰি উলিওৱাত ব্যৰ্থ হৈছিল ৷ অৱশেষত প্ৰায় তিনি মাহৰ অন্তত বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ঘটনাৰ মূল অভিযুক্তক ৷
জানিব পৰা মতে, ধৃত আখিৰুল ইছলামৰ ঘৰ বিলাসীপাৰাৰ বাঘমাৰী ৷ কিন্তু কি কাৰণত ব্যৱসায়ীজনক হত্যা কৰা হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ আৰক্ষীৰ জেৰাৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷
লগতে পঢ়ক : Tea garden workers Protest : নাহৰকটীয়াৰ বালিমৰা চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ