Snatchers terror at Basistha : ঘোঁৰামাৰাত খেদি খেদি ৰাইজে কৰায়ত্ত কৰিলে চিলনী চোৰক
🎬 Watch Now: Feature Video
গুৱাহাটী, ২ অক্টোবৰ : মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ উপদ্ৰৱ । দুচকীয়া বাহনত অহা দুৰ্বৃত্তই প্ৰতিদিনে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা পথাচাৰিৰ ম’বাইল, বেগ আদি কাঢ়ি নিয়াৰ বাতৰিয়ে সঘনে সংবাদ শিৰোনাম দখল কৰি আহিছে ৷ দেওবাৰেও মহানগৰীৰ ঘোঁৰামৰাত তেনে এক ঘটনাই সংঘটিত হ’ল । পিচে এইবাৰ ম’বাইল কাঢ়ি সাৰি নগ’ল চিলনী চোৰ । তাৰ পাচত খেদি খেদি ৰাইজে কৰায়ত্ত কৰিলে চিলনী চোৰক ।
ভুক্তভোগী যুৱকজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, যুৱকজনে মাকৰ সৈতে ঘোঁৰামৰা চাৰিয়ালিৰ পৰা ঘৰলৈ গৈ আছিল । তেনে সময়তে এখন দুচকীয়া বাহনত অহা দুজন দুৰ্বৃত্তই যুৱকজনৰ ম’বাইলটো থপিয়াই লৈ যায় । লগে লগে যুৱকজনে স্থানীয় ৰাইজৰ সহযোগত পিচে পিচে খেদি এজনক কৰায়ত্ত কৰে । লগতে AS01FJ6566 নম্বৰৰ এখন স্কুটিও জব্দ কৰে ।
পিচত চোৰটোক উত্তম মাধ্যম সোধাই আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ চিলনী চোৰটোক উদ্ধাৰ কৰি থানালৈ লৈ যায় । জানিব পৰা মতে, গোপাল সেন নামৰ অভিযুক্ত চিলনী চোৰটোৰ ঘৰ মহানগৰীৰ লালগণেশত ।
লগতে পঢ়ক : Guwahati Honey trapping case : মহানগৰীত হানি ট্ৰেপিঙৰ বলি হ’ল বহিঃৰাজ্যৰ যুৱক !