কলেজীয়া ছাত্রীৰ বেগ কাঢ়ি উধাও চিলনী চোৰ - Nalbari thief incident
🎬 Watch Now: Feature Video
Published : Dec 15, 2023, 8:45 PM IST
নলবাৰী,১৫ ডিচেম্বৰ: চিলনী চোৰৰ সন্ত্ৰাসত সমগ্ৰ নলবাৰী জিলা । এইবাৰ চিলনী চোৰৰ টাৰ্গেট হৈ পৰিছে কলেজীয়া ছাত্রী । নলবাৰী জিলাৰ আদাট্টাৰীত দিন দুপৰতে এগৰাকী কলেজীয়া ছাত্রীৰ বেগ কাঢ়ি নিলে চিলনী চোৰে । বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ পৰা মুকলি ঠাইৰ পৰাই চিলনী চোৰে কাঢ়ি নিলে বেগ ।
২নং জয়সাগৰৰ বাসিন্দা ছাত্ৰীগৰাকীয়ে চাইকেলেৰে কলেজৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত আদাট্টাৰীত এডোখৰ মুকলি ঠাইত এখন বাইকত অহা তিনিটা চিলনী চোৰে ছাত্রীগৰাকীৰ বেগটো কাঢ়ি লৈ উধাও হয় । ছাত্রীগৰাকীৰ মোবাইল, কিতাপ-বহী, নথি-পত্ৰসহ বেগটো লৈ পলায়ন কৰে চিলনী চোৰৰ দলটিয়ে । ভুক্তভোগী ছাত্রীগৰাকীয়ে সম্প্ৰতি পিতৃ আক্কাছ আলীৰ সৈতে মুকালমুৱা আৰক্ষী থানাত উপস্থিত হৈ দাখিল কৰে এখন এজাহাৰ ।
লগতে পঢ়ক: আৰক্ষীৰ চকুত ধূলি ছটিয়াই হাতত হেণ্ডকাফ লৈ পলায়ন আচামীৰ