Bihu dance workshop: ঢোলৰ গুম গুমণি তথা নাচনীৰ ভৰিৰ গিৰিপনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

By

Published : Mar 27, 2023, 12:25 PM IST

thumbnail

বৰপেটা, ২৭ মাৰ্চ: ৰঙালী বিহুক আদৰিবলৈ সাজু ৰাজ্যবাসী (Preparation of Rongali Bihu in Assam)। বিৰিখত ন-বসন্তৰ কুঁহিপাতে পোখা মেলাৰ দৰেই এতিয়া অসমীয়া জনজীৱনৰ প্ৰাণে প্ৰাণে উঠিছে বিহু নাম আৰু বিহুগীতৰ লহৰ ৷ ব'হাগক আদৰাৰ প্ৰস্তুতিৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰাম্ভ হৈছে বিহু নাচৰ আখৰা আৰু কৰ্মশালা আদি (Bihu dance workshop at Barpeta)।

বিহুৰ ৰীতি -নীতি, বিহুনাম আৰু বিহু নৃত্য-গীতৰ ৰীতি-পৰম্পৰাক নৱ প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়াসেৰে সত্ৰনগৰী বৰপেটাত আৰাম্ভ হৈছে বিহুৰ নাম, বিহু নৃত্য আৰু বিহুৰ সৈতে সম্পৰ্কিত ৰীতি পৰম্পৰাৰ কৰ্মশালা । লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান সত্ৰনগৰী বৰপেটাৰ ছন্দপ্ৰভা আৰু সংগীত কলা কেন্দ্ৰৰ যুটীয়া উদ্যোগত কৰৱী ওজা আৰু ৰণজিৎ দাসৰ নেতৃত্বত ২১ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে ছদিনীয়া বিহু কৰ্মশালাৰ ৷

বৰপেটা চহৰৰ লগতে বৰপেটাৰ বহু গ্ৰামাঞ্চলৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বিহুৰ কৰ্মশালাখনক লৈ উৎসাহী আয়োজক সমিতি (Bihu Dance training at Barpeta) । লক্ষ্যণীয়ভাৱে বিহু কৰ্মশালাখনত নৱ প্ৰজন্মৰ লগতে একাংশ মাতৃয়েও অংশগ্ৰহণ কৰা বুলি সদৰি কৰিছে কৰ্মশালাখনৰ প্ৰশিক্ষিকা কৰৱী উজীৰে ৷

লগতে পঢ়ক:Playground turn into pasture: শিৱসাগৰত নাই খেলপথাৰ, থিয়েটাৰে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে খেলপথাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.