Assam Bihu Guinness book of world record: মাজুলীত গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে নাচনীৰ প্ৰশিক্ষণ

By

Published : Mar 28, 2023, 2:03 PM IST

thumbnail

মাজুলী, 28 মাৰ্চ : গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো এতিয়া উখল-মাখল পৰিবেশে বিৰাজ কৰিছে । আজি মাজুলীত উপস্থিত হৈ বিহু কৰ্মশালাখনি পৰিদৰ্শন কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগে । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত 11 হাজাৰৰো অধিক নাচনীয়ে একেলগে বিহুনাচ পৰিবেশন কৰিব (Assam Bihu Guinness book of world record) ৷

ৰেকৰ্ড গঢ়াৰ এই অনুষ্ঠানৰ বাবে মাজুলীৰ নাচনীও সাজু হোৱা দেখা গৈছে । এই উদ্দেশ্যে মাজুলী সমষ্টিৰ নাচনীৰ বাবে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা সদৰ গড়মূৰত অনুষ্ঠিত হৈছে বিহুনাচৰ প্ৰশিক্ষণ ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি প্ৰশিক্ষণৰ অগ্ৰগতিৰ বুজ লয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওঁগে ৷ মন্ত্ৰীগৰাকী উপস্থিত থাকি নাচনীসকলক উৎসাহিত কৰাৰ লগতে সকলোকে অসম চৰকাৰৰ এই মহান পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Assam Bihu Guinness book of world record: বিশ্ব ৰেকৰ্ডৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যত বিহুৱা বিহুৱতীৰ প্ৰশিক্ষণ শিবিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.