জাগীৰোড শাখা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন - জাগীৰোড কবি সন্মিলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-11-2023/640-480-20058030-thumbnail-16x9-dkc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 18, 2023, 10:29 PM IST
মৰিগাঁও, 18 নৱেম্বৰ : জাগীৰোড শাখা কবি সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশনখন শনিবাৰে জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয় । পুৱা শাখা কবি সন্মিলনৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে । বন্তি প্ৰজ্বলন কৰে জাগীৰোড শাখা সাহিত্য সভাৰ সভাপতি প্ৰভাত চন্দ্ৰ বৰাই আৰু স্মৃতি তৰ্পণ কৰে জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বৰ্ণাঢ্য বৰ্দ্ধন ডেকাই ।
আনহাতে বিয়লি জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয় মুকলি সভা আৰু বিষয় বাছনি সভা । সভাৰ আৰম্ভণিতে মৰিগাঁও জিলা কবি সন্মিলনৰ শীৰ্ষগীত পৰিৱেশন কৰাৰ লগতে কবি নিৰোদ বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি প্ৰয়াত কবি নিৰোদ বৰাৰ সহধৰ্মিণী তথা কবি হিমাক্ষী বৰাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।
মুকলি সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই । সভাত মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি অনিৰুদ্ধ ডেকা, ড৹ ভবেন চন্দ্ৰ নেওগ, ড৹ দীপকজ্যোতি বৰুৱা, ড৹ হবিবুৰ ৰহমান, বাণী বৰঠাকুৰ প্ৰমুখ্যে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : ভৌগোলিক স্বীকৃতি লাভৰ দিশে মাজুলীৰ মুখাশিল্প