কংগ্ৰেছে এতিয়া ইয়াৰ পাপৰ ফল ভুগিছে: ভুৱন গাম - Rahul Gandhi in Assam
🎬 Watch Now: Feature Video
Published : Jan 19, 2024, 5:57 PM IST
মাজুলী,১৯ জানুৱাৰী: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মাজুলীত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি উপস্থিত হয় মাজুলীত । কংগ্ৰেছৰ নেতাগৰাকীয়ে মাজুলী এৰাৰ পিছতেই সংবাদ মেল সংম্বোধন কৰে বিধায়ক ভুৱন গামে । সংবাদমেলত মাজুলীৰ বিধায়কগৰাকীয়ে কয়, "মাজুলীত ভাৰত জোড়ো ন্যায় যাত্ৰাত মাজুলীবাসীয়ে সহযোগিতা নকৰে বুলি মই আগতেই কৈছিলো আৰু আজি সকলোৱে দেখিলেই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰে উন্নয়ন কৰিছে ভাৰতবৰ্ষত ।"
লগতে তেওঁ কয়, "কংগ্ৰেছ দলে ৬০ বছৰে অন্যায় কৰিছে আৰু এতিয়া ইয়াৰ পাপৰ ফল ভুগিছে । যি সত্ৰ, নামঘৰ গলেও শুদ্ধ নহয় । বিজেপি চৰকাৰৰ দিনত উন্নয়ন হৈছে, যাৰ বাবে ৰাইজে বিজেপি দলক আঁকোৱালি লৈছে । এটা সময়ত কোনো লোক কংগ্ৰেছত নাথাকে । দাড়ি, টুপী পিন্ধি মিঞাৰ মাজত সোমাই পৰিব লাগিব ৰাহুল গান্ধী ।" ইয়াৰোপৰি মাজুলীৰ ভাৰত জোড়ো ন্য়ায় যাত্ৰাত অফলামূখত ২০০, কমলাবাৰী ৫০ টা বাহিৰৰ মানুহ বাদ দি । জেংৰাইমূখত বাহিৰৰ মানুহ হৈছে মাজুলীৰ ১০০ জন মানুহে সহযোগ কৰিছে বুলি উল্লেখ কৰে বিধায়ক গামে । মাজুলীৰ পেট্ৰ'ল ডিপ'ত তেল নাইকিয়া বুলি কংগ্ৰেছে কৰা মন্তব্যক নাকচ কৰে ভুৱন গামে ।
লগতে পঢ়ক: ঢকুৱাখনাত ৰাহুল গান্ধী, বিজেপিয়ে প্ৰলোভনেৰে মহিলাসকলক আঁতৰাই ৰখাৰ অভিযোগ