Bhaona Samaroh at Tiloinagar : মৰাণৰ তিলৈনগৰত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন ভাওনা সমাৰোহ - তিলৈনগৰৰ ঐতিহ্যমণ্ডিত বাৰ্ষিক ভাওনা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:50 AM IST

ডিব্ৰুগড়, 26 অক্টোবৰ : মৰাণৰ তিলৈনগৰৰ ঐতিহ্যমণ্ডিত বাৰ্ষিক ভাওনাই চলিত বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷ এই উদ্দেশ্যে তিলৈনগৰ আঞ্চলিক ভাওনা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত 24 অক্টোবৰৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰা হৈছে ৷

তিলৈনগৰ হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সমাৰোহৰ প্ৰথম দিনা ধৰ্মধ্বজ্জা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত দিনৰ ভাগত ‘‘নৱ প্ৰজন্মৰ আধ্যাত্মিক জ্ঞান বিকাশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰাসংগিকতা’’ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয় । মৰাণ শাখা সাহিত্য সভাৰ সভাপতি নীলকান্ত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনাচক্ৰত মুখ্য বক্তা হিচাপে শ্ৰী শ্ৰী আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী উপস্থিত থাকে ৷

লগতে আলোচক হিচাপে লোক সংস্কৃতিৰ গৱেষক, সংগীত নাটক একাডেমীৰ সদস্য ড৹ অনিল শইকীয়া, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ো উপস্থিত থাকে । এই সমাৰোহৰ দ্বিতীয় দিনা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

প্ৰখ্যাত বয়ন শিল্পী, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই উদ্বোধন কৰা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 45 টা দিহানামৰ দলে অংশগ্ৰহণ কৰে । মুঠৰ ওপৰত বৈকুণ্ঠধামলৈ পৰিণত হৈছে সমাৰোহস্থলী ।

লগতে পঢ়ক : Ravana Dahan at Kharupetia : খাৰুপেটীয়াত দহন প্ৰায় ৬০ ফুট উচ্চতাৰ‌ ৰাৱণৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.