আমগুৰিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উপভোগ কৰিলে মহিলাৰ দ্বাৰা প্ৰদৰ্শিত ভাওনা - মহিলা ভাওনা
🎬 Watch Now: Feature Video
Published : Dec 10, 2023, 8:13 AM IST
আমগুৰি, ১০ ডিচেম্বৰ : শনিবাৰে খোল-তাল-মৃদঙৰ ধ্বনিত মুখৰিত হৈ পৰিল আমগুৰিৰ নামতিপুল ৷ কিয়নো শনিবাৰে নামতিপুলত মহিলাৰ দ্বাৰা প্ৰদৰ্শিত হ’ল ‘‘দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলি পতন’’ ভাওনা ভাগ । হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনেৰে ঐক্যৱদ্ধভাৱে অনুষ্ঠিত কৰা হয় এই মহিলা ভাওনাখন ।
জানিব পৰা মতে, ভাওনাখনিত স্থানীয় হিন্দু-মুছলমান উভয় যুৱতী আৰু বোৱাৰীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰি হেজাৰ হেজাৰ দৰ্শকক মুগ্ধ কৰে ৷ ৰাইজেও বিপুল হৰ্ষধ্বনি দি সকলোকে উৎসাহিত কৰা পৰিলক্ষিত হ’ল ৷ বিশেষকৈ এই ভাওনাত ইছলামধৰ্মী যুৱতীয়ে বহুকেইটা চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যায় ৷ ইফালে নামতিপুলৰ এই ভাওনাত নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াও উপস্থিত থাকে ।
উল্লেখ্য যে, মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনাৰ সফলতাৰ বাবে অঞ্চলটোৰ মহিলা সমাজে নিজৰ দৈনন্দিন ঘৰুৱা ব্যস্ততাৰ পাচতো বিগত ভালেমান দিন ধৰি অনুশীলন কৰি আহিছিল । যাৰ ফলস্বৰূপে এখন সুন্দৰ ভাওনা দৰ্শকৰ মাজত তুলি ধৰিবলৈ সক্ষম হ’ল ভাৱৰীয়াৰ লগতে আয়োজকসকলেও ৷
লগতে পঢ়ক : পাৰিজাত নামেৰে পৰিচিত হ’ব ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো