Bhaona competition: ৫ দিনীয়া কাৰ্যসূচীৰে টীয়কত চেমনীয়া ভাওনা প্ৰতিযোগিতা - টীয়কত চেমনীয়া ভাওনা প্ৰতিযোগিতা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 4, 2023, 2:12 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বুধবাৰৰ পৰা পাঁচদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে টীয়কৰ কটিকুছীয়া গুৱাল গাঁৱৰ শ্বেত বিলাস সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে আধ্যাত্মিক যুৱশিল্পী সমাজ টীয়কৰ উদ্যোগত আৰু টীয়কবাসী ৰাইজৰ সহযোগত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত চেমনীয়া ভাওনা প্ৰতিযোগিতা(Bhaona competition begins in Teok) । বুধবাৰে পুৱা ধৰ্মধজ্জা উত্তোলন, স্মৃতি তৰ্পণ, নামঘৰ উন্মোচন, নাম প্ৰসংগ, প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন, গছপুলি ৰোপনকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাছত সন্ধিয়ালৈ দুখনকৈ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে(Bhaona competition held in Teok) । ৫ জানুৱাৰীৰ পৰা প্ৰতিদিনে অবিভক্ত শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা দুখনকৈ ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে । শিশুসকলক কৃষ্ণ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে যি পাঁচদিনীয়াকৈ বিকাশ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সেই দিন কেইটাৰ সকলো কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা দিহা পৰামৰ্শ কামনা কৰিছে উদ্যোক্তাসকলে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.