thumbnail

AAP meeting in Majuli: সৰুসজাইত বিহু উপভোগ কৰিব আপ অসমে

By

Published : Apr 12, 2023, 9:55 PM IST

মাজুলী, 12 এপ্ৰিল :  আজি মাজুলীত উপস্থিত হয় আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অৰ্থাৎ নিৰ্বাচনকেন্দ্ৰিক আলোচনাৰ বাবে মাজুলীত উপস্থিত হয় আপৰ সভাপতিগৰাকী । সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া বিহু অনুষ্ঠান আপ অসমে উপভোগ কৰিবলৈ যাব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে চৌধুৰীয়ে (Panchayat election in Assam) । 

বিহু অনুষ্ঠান পতাৰ প্ৰসংগত আপৰ নেতাগৰাকীয়ে কয় যে, বিহু অসমীয়াৰ বাপতি সাহোন । এই বিহু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগত প্ৰদৰ্শন কৰিব সেয়া প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয় ৷ কিন্তু ঋণৰ টকাৰে বিহু পতা বাবে দুখ প্ৰকাশ কৰে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে (State Co ordinator AAP Assam in Majuli) ৷ 

এই ঋণ আমিয়ে কাইলৈ সুজিব লাগিব বুলি কয়, আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ৷ আপৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথৰ গ্ৰেপ্তাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ নেতাগৰাকীয়ে । একেদৰে টোল গেটৰ সম্পৰ্কতো মন্তব্য আগবঢ়ায় আপৰ নেতাগৰাকীয়ে । পাঞ্জাৱ চৰকাৰে যদি টোল গেট ভাঙিব পাৰে অসম চৰকাৰে সেই কাম কিয় কৰিব নোৱাৰে বুলি উল্লেখ কৰে (AAP reaction on Toll gate) ৷

অসম চৰকাৰে টোলগেট বৃদ্ধিহে কৰিছে বুলি কয় আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে  । পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ক’বলৈ গৈ ৰাইজে বিচাৰিলে অসমৰ সকলো সমষ্টিত পঞ্চায়ত নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য আগবঢ়ায় আপৰ নেতাগৰাকীয়ে (Panchayat polls 2023)।

লগতে পঢ়ক : Delhi Liquor Scam : মণীষ ছিছোডিয়াৰ জামিন আবেদনত আজি বিতৰ্ক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.