Bathou Puja celebrated in Nagaon : নগাঁৱত উলহ-মালহেৰে উদযাপন বাথৌ পূজা - Bathou Puja celebrated in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 24, 2023, 5:10 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

নগাঁও, 24 জানুৱাৰী: নগাঁৱত মঙলবাৰে উলহে মালহে উদযাপন কৰা হয় বাথৌ পূজা (Bathou Puja celebrated in Assam) ৷ আজি বড়ো জনগোষ্ঠীয় লোকৰ পবিত্ৰ বাথৌ পূজা। আজিৰ দিনটোতে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় বড়ো সকলৰ এই বাথৌ পূজা । ভিন্ন প্ৰান্তৰ লগতে ধিঙৰ চহৰীয়াতো বড়ো জনগোষ্ঠীৰ লোকসকলে বাথৌ পূজাৰ আয়োজন কৰে (Bathou Puja celebrated at Dhing)৷  

প্ৰকৃততে বাথৌ মানে নো কি সেয়া হয়তো আমি বহুতেই নাজানো । বাথৌ শব্দৰ অৰ্থ হৈছে 'পঞ্চ' আৰু থৌ মানে 'তত্ব' । এই পঞ্চতত্বক বিশ্বাস কৰিয়েই বড়ো লোকসকলে প্ৰতি বছৰে উলহ-মালহেৰে পালন কৰি আহিছ এই বাথৌ পূজা । বাথৌ পূজাৰ দিনটোত ইষ্ট দেৱতাক পূজা অৰ্চনা কৰে বড়ো সম্প্ৰদায়ৰ পুৰুষ-মহিলাসকলে (Bodo people celebrated Bathou Puja) ।  

এইবাৰো চহৰীয়াৰ বড়ো লোকসকলে সন্মিলিতভাৱে চহৰীয়া বাথৌ মন্দিৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে এই বাথৌ পূজা । বড়োসকলৰ জাতীয় সাজপাৰ পৰিধান কৰি পুৰুষ-মহিলা সকলোৱে বাথৌ মন্দিৰত উপস্থিত হৈ ধৰ্মীয় ৰীতি-নীতিৰে পূজাত অংশগ্ৰহণ কৰে । এই পূজাৰ লগত সংগতি ৰাখি ধিঙৰ চহৰীয়াত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান । বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা । সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয় । হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে । বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা ।

বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাচত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয় । পূজাত মদ-মাংস আদিৰে নৈবদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যত বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয় ।

লগতে পঢ়ক: Nagaon child against intolerance: নগাঁৱত সম্প্ৰীতিৰ নিদৰ্শন এজাক শিশুৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.