দৰিদ্ৰজনক বিনামূলীয়াকৈ বস্ত্ৰ যোগান ধৰিবলৈ আৰম্ভ বস্ত্ৰবেংক - ৰাজগড়ৰ শংকৰদেৱ শিশু নিকেতন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-12-2023/640-480-20256352-thumbnail-16x9-dib-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 13, 2023, 2:29 PM IST
ডিব্ৰুগড় , ১৩ ডিচেম্বৰ: দৰিদ্ৰজনক বিনামূলীয়াকৈ বস্ত্ৰ যোগান ধৰাৰ বাবে ডিব্ৰুগড় জিলাৰ ৰাজগড়ত আৰম্ভ হ'ল বস্ত্ৰবেংক । দ্য় ৱাৰিয়ৰ্ছ (Wariors )নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ । মহিলা সৱলীকৰণ, মহিলা সকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে নিৰ্যাতিতা মহিলা, শিশু সকলৰ হৈ কাম কৰি অহা ৱাৰিয়ৰ্ছে সমাজৰ একেবাৰে আৰ্থিকভাৱে দুৰ্বল, দৰিদ্ৰ লোকসকলক বস্ত্ৰ যোগান ধৰি কিছু সকাহ দিয়াৰ লক্ষ্য বান্ধি লৈছে ।
ৰাজ্যৰ বিভিন্ন ঠাইত বস্ত্ৰবেংক নামেৰে কাপোৰ যোগান ধৰা একোখনকৈ বিপনী মুকলি কৰিছে ৱাৰিয়ৰ্ছে । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়তো এনে এটা বস্ত্ৰ বেংক মুকলি কৰা হয় । ৰাজগড়ৰ শংকৰদেৱ শিশু নিকেতনৰ সমীপত ভোগেশ্বৰ বসুমতাৰীৰ বাসগৃহৰ চৌহদত মুকলি কৰা ৱাৰিয়ৰ্ছৰ এই বস্ত্ৰবেংকৰ পৰা দুখীয়া লোকসকলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি বিভিন্ন ধৰণৰ পৰিধান কৰিব পৰা কাপোৰ বিনামূলীয়াকৈ সংগ্ৰহ কৰিব পাৰিব ।
শিশু, বৃদ্ধ, মহিলা, ছাত্র-ছাত্ৰীৰ সাজপাৰ উপলব্ধ হ'ব এই বস্ত্ৰ বেংকটোত । আনহাতে, কোনো লোকে ইচ্ছা কৰিলে এই বস্ত্ৰবেংকলৈ যিকোনো কাপোৰ যোগান ধৰিবও পাৰিব বুলি ৱাৰিয়ৰ্ছৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াসকলে সদৰী কৰিছে ।
লগতে পঢ়ক:উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকা ইছমত চুগতাইৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ