Bridge Swept Away By Floodwater: বাঢ়নি পানীয়ে উটুৱাই লৈ গ’ল বাঁহৰ দলং - বাঢ়নি পানীয়ে উটুৱাই লৈ গ’ল বাঁহৰ দলং

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 17, 2023, 6:57 PM IST

চিৰাং, 17 জুন : ৰাজ্যজুৰি বানৰ সংহাৰ ৷ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে চিৰাঙৰ নৈ-উপনৈসমুহ ৷ শনিবাৰে ভূটানৰ পৰা নামি অহা বাঢ়নি পানীৰ ঢলে উটুৱাই নিলে চিৰাঙৰ নাঙলভাঙাৰ নাঙলভাঙা নৈৰ বাঁহৰ দলং ৷ ফলত অঞ্চলটোৰ প্ৰায় 25 খন গাঁৱৰ লোকে এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে ৷ 

উল্লেখ্য যে, প্ৰতি বছৰে খৰালি দিনত নৈৰ পানী কম হ’লে টুলুঙা নাও বন্ধ কৰি স্থানীয় ৰাইজে নিজাববীয়াকৈ গোটোৱা দান বৰঙনিৰে বাহৰ সাঁকো নিৰ্মাণ কৰি লয় যদিও নৈৰ বাঢ়নি পানীয়ে এইদৰেই উটুৱাই লৈ যায় সাঁকোও ৷  অঞ্চলটোৰ যাতায়ত ব্যৱস্থাৰ দুৰ্গতিৰ বাবে চিকিৎসাৰ অভাৱত মৃত্যু হ’বলগীয়া হয় ৰোগীৰ ৷ বৃহত্তৰ নাঙলভাঙা অঞ্চলৰ প্ৰায় ২৫ খন গাঁও এতিয়া পানীৰ মাজত আৱদ্ধ হৈ আছে ৷ 25 খন গাঁৱৰ এফালে নাঙলভাঙা নৈ আনফালে আই নৈ ৷ নৈৰ পানী বঢ়াৰ লগে লগে বহিঃবিশ্বৰ লগত যাতায়াত বন্ধ হৈ পৰে অঞ্চলটোৰ ৷  

স্মৰ্তব্য যে, বিগত কেবা দশকৰ পৰা নাঙলভাঙা নৈৰ দলঙৰ বাবে স্থানীয় লোকে দাবী জনাই অহাৰ পিচতো কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে ৷ প্ৰতিবাৰেই বিভিন্ন ৰাজনৈতিক দলে নাঙলভাঙা নৈৰ ওপৰত দলং নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিচতেই সকলো ফুটুকাৰ ফেনত পৰিণত হয় ৷ 

লগতে পঢ়ক: Flood in Assam : নীপকোৰ পানীয়ে বুৰালে লখিমপুৰ জিলা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.