thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 9:12 PM IST

ETV Bharat / Videos

Bajrang Dal Press Meet in Makum:পূজাত অশ্লীল গীত নবজাবলৈ সকীয়নি বজৰং দলৰ

তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ: বিশ্ব হিন্দু পৰিষদ বজৰং দল মাকুম প্ৰখণ্ডৰ মাকুম দুৰ্গা মন্দিৰত আজি এখনি সংবাদমেল সম্বোধন কৰে ৷ বিশ্ব হিন্দু পৰিষদে সংবাদমেলৰ জৰিয়তে আগন্তুক শাৰদীয় বতৰত যাতে সকলো আয়োজক মণ্ডলীয়ে পূজা মণ্ডপসমূহত ভক্তিমূলক আৰাধনাৰ গীত বজাই পূজা পালন কৰে তাৰ বাবে আহ্বান জনাই ৷ বিগত দিনসমূহত পূজাৰ নামত একাংশ আয়োজক সমিতিয়ে অপসংস্কৃতিৰ আশ্ৰয় লোৱা বাবে বিশ্ব হিন্দু পৰিষদে এইদৰে আহ্বান জনাইছে ৷  

বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াসকলে কয় যে বিগত দিনসমূহত পূজাৰ নামত একাংশ আয়োজক সমিতিয়ে অশ্লীল গান বজাই উদ্দাম নৃত্য কৰা পৰিলক্ষিত হয় ৷ গতিকে এইবাৰ যাতে তেনে কৰি কোনো সনাতন ধৰ্মক অপমান নকৰে তাকেই আহ্বান জনাই বজৰং দলে ৷ ইফালে,যদি কোনো পূজাৰ আয়োজকে অশ্লীল গীত বজাই উদ্দাম নৃত্য কৰা পৰিবেশ সৃষ্টি কৰে তেন্তে বজৰং দলে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:Burmese supari seized:মৈৰাবাৰীত জব্দ অবৈধভাৱে কঢ়িয়াই অনা বাৰ্মিজ চুপাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.