Bajrang Dal worker killed : নলবাৰীত বজৰং দলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী - Bajrang Dal worker killed
🎬 Watch Now: Feature Video
কৰিমগঞ্জত বজৰংগ দলৰ কৰ্মী শম্ভু কৈৰিক নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰিছে সংগঠনটোৱে (Bajrang Dal worker killed at Karimganj)। নলবাৰী জিলাতো বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীসকলে । প্ৰতিবাদকাৰীৰ অভিযোগ জেহাদীৰ আক্ৰমণত নিহত হৈছিল কৰ্মীগৰাকী । সেয়ে শম্ভু কৈৰিৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত নলবাৰী চহৰৰ ৰাজপথ উত্তাল কৰি তোলে সংগঠন দুটাই (Bajrang Dal Protest in Nalbari)। হত্যাকাৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে প্ৰতিবাদকাৰীসকলে । ইফালে ইছলামিক মৌলবাদী শক্তি জেহাদীৰ কাৰ্যকলাপ ৰোধ কৰাৰ বাবেও চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰীয়ে । আনহাতে নিহত শম্ভু কৈৰিৰ পৰিয়ালৰ সদস্যক চৰকাৰী সংস্থাপন দিয়াৰ উপৰিও ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই প্ৰতিবাদকাৰীয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST