Assistant Branch Manager arrested: গ্ৰাহকৰ ধন হৰলুকি কৰি আৰক্ষীৰ জালত এক্সিছ বেংকৰ সহকাৰী শাখা প্ৰবন্ধক

🎬 Watch Now: Feature Video

thumbnail

মাজুলী,২৮ ছেপ্টেম্বৰ: মাজুলীৰ গড়মূৰ এক্সিছ বেংকত গ্ৰাহকৰ ধন হৰলুকি কৰি আৰক্ষীৰ জালত সহকাৰী শাখা প্ৰবন্ধক । এই বেংকটোৰ সহ-শাখা প্ৰবন্ধক সৌৰভ চন্দ্ৰাক গড়মূৰ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰিছে । গড়মূৰ এক্সিছ বেংকৰ শাখা প্ৰবন্ধক বিশ্বজিৎ বৰাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় সৌৰভ চন্দ্ৰাক । গড়মূৰ থানা গোচৰ নম্বৰ 59/23 U/S 408,468,IPC R/W SEC 66 IT ACT গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক মাজুলী জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰাই ।  

এজন গ্ৰাহকৰ পৰা ৯ লাখ ৭৪ হাজাৰ টকা ৬ কিস্তিত ৮/১২/২০২২ পৰা ১৭/৭/২০২৩ লৈ চক্ৰান্তৰে হৰলুকি কৰা তথ্য পোহৰলৈ অহাৰ পিছত তেওঁক শাস্তিমূলক বদলি দিয়া হৈছিল শিৱসাগৰলৈ ৷ গড়মূৰ এক্সিছ বেংকৰ বৰ্তমান শাখা প্ৰবন্ধকগৰাকীয়ে দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াগৰাকীৰ ওপৰত গোচৰ ৰুজু কৰে । সহকাৰী শাখা প্ৰবন্ধকগৰাকীয়ে নগৰীয়া উপাধিৰ গ্ৰাহকজনক ভুৱা সম্পাদনা কৰা BANK STATEMENT দাখিল কৰিছিল । পৰৱৰ্তী সময়ত নতুন বেংক শাখা প্ৰবন্ধকগৰাকীয়ে বেংকৰ সঠিক তথ্য তথা ধন হৰলুকি কৰাৰ তথ্য পোহৰলৈ আহে । আৰক্ষীয়ে গোচৰ সম্পৰ্কত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে । অভিযুক্তগৰাকীক আদালতত হাজিৰ কৰি দুদিনৰ বাবে জিম্মাত লয় আৰক্ষীয়ে ।

লগতে পঢ়ক: Erosion in Nalbari: নলবাৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ভগ্ন মথাউৰি বচোৱাত তৎপৰ জলসম্পদ বিভাগৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.