নগাঁও : ক্ৰমাৎ বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসা । শনিবাৰে নিশাও চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হয় গুলীচলানাৰ দৰে ঘটনা । চামগুৰিৰ মৰিপুঠিখাইটিত সংঘটিত হোৱা গুলীচলানাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
সমষ্টিটোত ব্যাপক প্ৰচাৰ অব্যাহত থকাৰ মাজতে শনিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ গুলীচলানাৰ ঘটনা । বিধায়ক জিতু গোস্বামী, বিজেপি নেতা সুৰেশ বৰা গৈ থকা বাহনলৈ লক্ষ্য কৰি গুলীচলানা কৰা বুলি অভিযোগ উত্থাপন হৈছে ।
এগৰাকী কংগ্ৰেছ নেতাৰ ঘৰৰ পৰা গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হয় যদিও গুলীচালনাৰ ঘটনাত কংগ্ৰেছ নেতাগৰাকীৰ পুত্ৰ আহত হোৱাৰ তথ্য পোহৰলৈ আহে । কংগ্ৰেছ নেতা ইছমাইল হুছেইনৰ বিৰুদ্ধে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও ইছমাইল হুছেইনৰ পুত্ৰ ইমাম উদ্দিনৰ ভৰিত গুলীবিদ্ধ হয় গুলীচালনাৰ ঘটনাত । বিজেপিৰ এটা দল উক্ত পথেৰে গৈ থকা সময়ত বিজেপিৰ দলটোৰ পৰা গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন কৰে ইছমাইল হুছেইনে ।
গুলীচালনাত আঘাতপ্ৰাপ্ত ইছমাইল হুছেইনৰ পুত্ৰক লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰা হয় । লগে লগে নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় যদিও সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য কৰা নাই আৰক্ষীয়ে । ইপিনে, ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন । ঘটনাস্থলীত উপস্থিত হৈ বিজেপিৰ দ্বাৰা এনে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে ।
আনকি শুকুৰবাৰে নিশা কংগ্ৰেছ নেতা উছমান আলীৰ বাসগৃহত আক্ৰমণ কৰা ঘটনাত জড়িত কোনো এজন লোকক আৰক্ষীয়ে আটক নকৰাৰো অভিযোগ উত্থাপন কৰে ৰকিবুল হুছেইনে । আনহাতে গুলীচালনাৰ ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা তিনিগৰাকীকৈ সাংবাদিকক কংগ্ৰেছৰ একাংশ কৰ্মী সমৰ্থকে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ।
নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত প্ৰকৃততে কোন জড়িত সেয়া হয়তো পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।
লগতে পঢ়ক: চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ |